অলিম্পিয়া প্রতিবেদন
অনুশীলনৰ বাবে ইটালীত থকা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহায়ে আজি টকিঅ’লৈ ৰাওনা হ’ব। এই কথা জানিবলৈ দিছে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইয়ে। লাভলীনাই ভিডিঅ’ কল যোগে এই কথা জনাইছে। গোলাঘাটৰ বাৰমুখীয়াৰ লাভলীনা বৰগোহাঁইয়ে ২০২০ ৰ টকিঅ’লৈ নিৰ্বাচিত হৈ অসমৰ নাম বিশ্বৰ ক্রীড়া পথাৰত জিলিকাই তুলিবলৈ সক্ষম হৈছে। অলিম্পিকলৈ নিৰ্বাচিত হোৱা লাভলীনা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ।
উল্লেখযোগ্য যে অহা ২৩ জুলাইৰ পৰা আৰম্ভ হব বিশ্ব ক্রীড়াৰ মহাৰণ অলিম্পিক। ক’ভিড মহামাৰীৰ বাবে এবছৰ পিছুৱাই অনুষ্ঠিত হ’ব এইবাৰৰ অলিম্পিক। ইতিমধ্যে অলিম্পিকৰ বাবে সাজু হৈ উঠিছে জাপান। সমগ্ৰ বিশ্বৰ লগতে অসমেও অধীৰ আগ্ৰহেৰে বাট চাইছে বিশ্বৰ ক্রীড়াৰ মহানতম মঞ্চ অলিম্পিকলৈ। মূলতঃ অসমৰ জীয়ৰী লাভলীনাৰ প্রদৰ্শন উপভোগ কৰিবলৈ উন্মুখ হৈ আছে অসমৰ জনসাধাৰণ।