Tuesday, October 4, 2022
HomeNewsআজি স্বদেশলৈ উভতিব লাভলীনা; আদৰি আনিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ডঃ হিমন্ত...

আজি স্বদেশলৈ উভতিব লাভলীনা; আদৰি আনিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই

অলিম্পিয়া প্ৰতিবেদন

দেওবাৰে সফল পৰিসমাপ্তি ঘটে ক্ৰীড়াবিশ্বৰ মহাযুদ্ধ অলিম্পিকৰ। টকিঅ’ত বিশ্বৰ ভিন্ন প্ৰান্তৰ এথলিটৰ অংশগ্ৰহণৰে সামৰণি পৰা টকিঅ’ অলিম্পিকত এইবাৰ ভাৰতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়। মুঠ ৭ টা পদকৰে তালিকাৰ ৪৭ তম স্থান লাভ কৰি ভাৰতে লণ্ডন অলিম্পিকৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। টকিঅ’ত ভাৰতৰ যিসকল এথলিট উজলি উঠিল তাৰ ভিতৰত অসমৰ লাভলীনা বৰগোঁহাইও অন্যতম।

অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হোৱাৰ গৌৰৱ অর্জন কৰা লাভলীনা সোমবাৰে আহি উপস্থিত হ’বহি দিল্লীত। দিল্লীত অসম কন্যা লাভলীনাৰ লগতে আন আন এথলিটসকলক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে পদক বিজয়ী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এক অভিনন্দন অনুষ্ঠানত এথলিটসকলক অভিনন্দন জনাব।

ইফালে, লাভলীনাক আদৰাৰ প্ৰস্তুতি চলিছে অসমতো। অসম চৰকাৰে লাভলীনাক এক ৰাজহুৱা সভাত সম্বৰ্ধনা জনোৱাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিমানবন্দৰত ৰেড কাৰ্পেটৰে আদৰণি জনোৱাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। অহা ১১ আগষ্টত অসমত উপস্থিত হ’বহি লাভলীনা। গুৱাহাটীৰ লগতে লাভলীনাৰ গৃহচহৰ গোলাঘাটতো বক্সাৰগৰাকীক আদৰাৰ প্ৰস্তুতি চলাইছে গোলাঘাটবাসীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments