Tuesday, October 4, 2022
HomeNews'অলিম্পিকত স্বৰ্ণ জয় নকৰালৈকে মই শান্ত নহ‌ও' : এম চি মেৰীকম

‘অলিম্পিকত স্বৰ্ণ জয় নকৰালৈকে মই শান্ত নহ‌ও’ : এম চি মেৰীকম

olympiasports.in

অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ পদক জয়ৰ সপোন বুকুত লৈ ফুৰিছে ছবাৰৰ বিশ্ব বক্সিং চেম্পিয়ন তথা অলিম্পিয়ান এম চি মেৰীকমে। এই সপোন বাস্তৱায়িত কৰিবলৈ সকলোবোৰ উজাৰি দিবলৈ প্ৰস্তুত আছে বক্সাৰগৰাকী। এই কথা মেৰী কমে জনপ্ৰিয় চচিয়েল নেটৱৰ্কিং চিষ্টেম ফেচবুকৰ জৰিয়তে অনুৰাগীসকলক জানিবলৈ দিছে। ‘ মোৰ লক্ষ্য অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণপদক জয় কৰাটো। এই সময়ত মই কঠোৰ পৰিশ্ৰম কৰিছোঁ।মোৰ বাবে অলিম্পিক যোগ্যতা অৰ্জন কৰাটো অত্যন্ত কঠিন আছিল। বিশ্ব চেম্পিয়নশ্বিপ বা অলিম্পিকত সফলতা অৰ্জন কৰাৰ কোনো গোপন মন্ত্ৰ নাই। মই অলিম্পিকত স্বৰ্ণপদক লাভ নকৰালৈকে শান্ত নহ‌ও। যুজঁ অব্যাহত ৰাখিম। ‘– এইদৰে কয় মেৰীকমে।

এইগৰাকী তাৰকা বক্সাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল আৰু ৫১ কেজি শাখাত ব্ৰঞ্জৰ পদক দখল কৰিছিল। ইয়াৰ পিছত ২০১৬ ৰ ৰিঅ’ অলিম্পিকলৈ অৱশ্যে মেৰীকমে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। শেহতীয়াকৈ জৰ্ডানৰ আম্মানৰ পৰা এছিয়া অলিম্পিক কোৱালিফায়াৰত অংশগ্ৰহণ কৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে বক্সাৰগৰাকীয়ে‌। বৰ্তমান নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখা মেৰীকমে নিজকে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কোনোধৰণৰ খুট ৰাখিব বিচৰা নাই।
মই নিজকে গৃহবন্দী হৈ থাকিলেও নিজ ঘৰতে মই টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছোঁ‌। যিমান পাৰি নিজকে সুস্থ কৰি ৰখাৰ চেষ্টা কৰিছোঁ, যাতে মই মোৰ লক্ষ্যত উপনীত হ’ব পাৰোঁ। কেতিয়াবা ঘৰৰ ভিতৰত সোমাই থাকিবলৈ অলপ কঠিন হয় যদিও পৰিয়ালৰ সৈতে মই সময়বোৰ উপভোগ কৰিছোঁ। মোৰ সপোন বাস্তৱায়িত কৰিবলৈ সমগ্ৰ দেশবাসীৰ মৰম আৰু আশীৰ্দাৰ প্ৰয়োজন।’ — মেৰীকমে কয়।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা লকডাউনক সমৰ্থন জনাই এই সময়চোৱাত সকলোকে নিজৰ গৃহতে থাকিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰী নিৰ্দেশনা বোৰ মানি চলিবলৈ সকলোকে আহ্বান জনাইছে মেৰীকমে। এই।প্ৰসংগত মেৰীকমে কয় ‘ এনে এক মহামাৰীৰ কবলত পৰিম বুলি আমি ভবা নাছিলোঁ যদিও সেয়াই হ’ল। আমি চৰকাৰী নিৰ্দেশনা বোৰ আখৰে আখৰে মানি চলিব লাগিব। চৰকাৰ আৰু চিকিৎসা কৰ্মীক সহায় কৰাৰ আটাইতকৈ ভাল উপায়টো হ’ল নিজক ঘৰতে আৱদ্ধ কৰি ৰাখি সংক্ৰমণ ৰোধ কৰা। মই জানোঁ এই কাম কঠিন কিন্তু এয়া সময়ৰ আহ্বান। আমাৰ নিজৰ লাভৰ বাবেই চৰকাৰৰ নিৰ্দেশনা বোৰ মানি চলিব লাগিব।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments