Tuesday, October 4, 2022
HomeNewsৰাজস্থানৰ ক্ৰীড়াক্ষেত্ৰলৈ আমূল পৰিবৰ্তন কঢ়িয়াই অনা অসম সন্তানজন!

ৰাজস্থানৰ ক্ৰীড়াক্ষেত্ৰলৈ আমূল পৰিবৰ্তন কঢ়িয়াই অনা অসম সন্তানজন!

অসমৰ ক্ৰীড়াক্ষেত্ৰত মাধুৰ্য্য বৰুৱা নামটো তেনেই অচিনাকি নহয়। অসমৰ বেডমিণ্টন ক্ষেত্ৰৰ তেওঁ হয়তো প্ৰথমজন ষ্টাৰ শ্বাটলাৰ আছিল। ১৯৮১ চনত পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছত স্বৰ্ণ জিকাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল মাধুৰ্য্য বৰুৱাই। তাৰ পিছৰ পৰা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইটোৰ পিছত সিটোকৈ খিতাপ কঢ়িয়াই আনিবলৈ সক্ষম হয় মাধুৰ্য্য বৰুৱাই। ছাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা সমান্তৰালকৈ চিনিয়ৰ পৰ্যায়ত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা মাধুৰ্য্য বৰুৱাই এটা সময়ত অল ইংলেণ্ড বেডমিণ্টন, থাইলেণ্ড অপেন, মালয়েছিয়া অপেন, ইণ্ডোনেছিয়ান অপেন আদি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। এসময়ৰ অসমৰ সেই কৃতিমান খেলুৱৈগৰাকীয়েই বৰ্তমান ৰাজস্থানৰ ক্ৰীড়াক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন কঢ়িয়াই আনিছে। আজি গুৱাহাটীৰ হোটেল গেইটৱে’ত অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নেলিষ্ট এছোচিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত অংশ লৈ মাধুৰ্য্য বৰুৱাই ৰাজস্থানৰ ক্ৰীড়া ক্ষেত্ৰখনত লাভ কৰা বৰ্ণিল অভিজ্ঞতাৰ কথা সাংবাদিকসকলৰ আগত ব্যক্ত কৰে।

এসময়ৰ তাৰকা শ্বাটলাৰগৰাকীয়ে বৰ্ণনা কৰে কেনেকৈ আন্তঃগাঁথনিৰ ক্ষেত্ৰত দুৰ্বল ৰাজস্থানে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰি বেডমিণ্টনৰ ক্ষেত্ৰত এক বিপ্লৱ সূচনা কৰিবলৈ সক্ষম হৈছে। ১৯৯০ চনতে অইল ইন্ডিয়াত যোগদান কৰা বৰুৱা দীৰ্ঘকাল ধৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ সৈতেও জড়িত হৈ আছিল। প্ৰায় চৈধ্য বছৰ কাল তেওঁ অসম বেডমিণ্টন সন্থাৰ সৈতেও জড়িত আছিল। সেই সময়ছোৱাত বৰুৱাই অসমৰ উন্নতিৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল। ২০১৬ চনত তেওঁ কৰ্মসূত্ৰে ৰাজস্থানলৈ বদলি হয়। মাধুৰ্য্য বৰুৱাই যিসময়ত ৰাজস্থানত ভৰি দিছিল, সেইসময়ত ৰাজস্থান বেডমিণ্টন এক চালুকীয়া অৱস্থাতে আছিল। অইল ইণ্ডিয়াৰ যোধপুৰ প্ৰকল্পত যোগদান কৰাৰ পিছতে যোধপুৰ বেডমিণ্টন সন্থাৰ আহ্বান মৰ্মে তেওঁ সন্থাটোৰ সৈতে জড়িত হৈ পৰে। সেয়াই আৰম্ভণি। ইয়াৰ পিছত তেওঁ যোধপুৰ বেডমিণ্টন সন্থাৰ উপ সভাপতিৰ পদটো অধিষ্ঠিত হয়। যোধপুৰ বেডমিণ্টন সংস্থাই বৰুৱাৰ পৰামৰ্শ গ্ৰহণ কৰি গ্ৰহণ কৰা কিছু পদক্ষেপে ৰাজস্থানত বেডমিণ্টনৰ চিত্ৰখনকে সলনি কৰি দিয়ে। কেৱল যোধপুৰতে বৰ্তমানলৈ ১৪ খনকৈ বেডমিণ্টন একাডেমি স্থাপন হৈছে বৰুৱাৰ ঐকান্তিক প্ৰচেষ্টাত। যোধপুৰত বৰ্তমান ২৭৫০ জন খেলুৱৈয়ে নিয়মিত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। তেওঁৰ পৰামৰ্শৰ ভিত্তিতে সমগ্ৰ ৰাজস্থানত আজি ১৬ খনকৈ ইনড’ৰ ষ্টেডিয়ামো নির্মাণ হৈছে। ইয়াৰ উপৰিও ৰাজস্থান বেমিণ্টন সন্থাৰ মুখ্য উপদেষ্টা মাধুৰ্য্য বৰুৱাৰ নেতৃত্বতেই এতিয়া ৰাজস্থানৰ বেডমিণ্টনে নতুন বাটে বাট বুলিছে।এনেদৰেই ৰাজস্থান ক্ৰীড়া মানচিত্ৰত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা মাধুৰ্য্য বৰুৱাৰ অভাৱ এই মুহূৰ্তত অসমৰ ক্ৰীড়া ক্ষেত্ৰখনে বাৰুকৈয়ে অনুভৱ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments