Wednesday, October 5, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য্য বৰুৱাক উষ্ম সম্বৰ্ধনা

আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য্য বৰুৱাক উষ্ম সম্বৰ্ধনা

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: অসমৰ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাক বৃহস্পতিবাৰে গুৱাহাটীত সম্বৰ্ধনা জনাই অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনে। ৰাজস্থান বেডমিণ্টন সন্থাৰ মুখ্য উপদেষ্টা তথা যোধপুৰ বেডমিণ্টনৰ ছিনিয়ৰ উপ-সভাপতিৰ দায়িত্বত থকা মাধুৰ্য্য বৰুৱা অসম ক্ৰীড়া প্ৰাধিকৰনৰ সদস্য হিচাপে মনোনিত কৰে ৰাজ্য চৰকাৰে। প্ৰাক্তন অল ইংলেণ্ড বেডমিণ্টন, থাইলেণ্ড অপেন, মালয়েছিয়া অপেন, ইন্ডোনেছিয়া অপেনৰ খেলুৱৈ গৰাকীয়ে গুৱাহাটীৰ মত বিনিময় আনুষ্ঠানতে ৰাষ্ট্ৰীয় ছাৱ-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰত চেম্পিয়নৰ অভিজ্ঞতা ৰোমন্থনৰ লগতে ৰাজস্থানৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। বিধায়ক ডা: নোমল মমিনে মাধুৰ্য্য বৰুৱাক ৰাজস্থানৰ উপৰি অসম বেডমিণ্টন দায়িত্ব ও দিবলৈ বৃহস্পতিবাৰৰ সভাৰ জৰিয়তে অসম বেডমিণ্টনৰ মুৰব্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই। হোটেল গেটৱে গ্ৰেন্ডৰৰ গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানতটোত জ্যোষ্ঠ সাংবাদিক তথা ইলেক্ট্ৰনিক ক্ৰীড়া সাংবাদিকৰ উপদেষ্টা প্ৰনয় বৰদলৈ, অসম অলিম্পিকৰ উপ-সভাপতি দ্বয় বিধায়ক ডা: নোমল মমিন, বিষ্ণুৰাম নুনিছা, সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, উপ-সভাপতি কিশোৰ তালুকদাৰ উপস্থিত আছিল।


- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments