Friday, September 30, 2022
HomeNewsজগত চন্দ্ৰ দাস সোঁৱৰণি টি-২০ ক্ৰিকেটত বাড ক্ৰিকেট ক্লাবৰ জয়ৰ হেট্ৰিক

জগত চন্দ্ৰ দাস সোঁৱৰণি টি-২০ ক্ৰিকেটত বাড ক্ৰিকেট ক্লাবৰ জয়ৰ হেট্ৰিক

অলিম্পিয়া প্ৰতিবেদন

মঙলদৈ ষ্টেডিয়ামত দেওবাৰে সামৰণি পৰিল জগত চন্দ্ৰ দাস সোঁৱৰণি চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেন্ট । টুৱেণ্টি টু য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতা ১৭ মাৰ্চৰ পৰা আৰম্ভ হৈ দেওবাৰ অৰ্থাৎ ২৭ মাৰ্চত সামৰণি পৰে । প্ৰতিযোগিতাখনৰ ফাইনেলত বাডছ ক্ৰিকেট ক্লাবে ভৱেন ডাউকা মেমৰিয়েল তেজপুৰ ক্ৰিকেট ক’চিং চেন্টাৰ দলক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে । ইয়াকে ধৰি বাড ক্ৰিকেট ক্লাবে ক্ৰমাগত তৃতী বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰি জয়ৰ হেট্ৰিক কৰে । টুৰ্ণামেণ্টখনৰ আয়োজক টুৱেন্টি টু য়াৰ্ডছ গ্ল’ৰীৰ সভাপতি আৰু সম্পাদক ক্ৰমে বিশ্বজিৎ ডেকা,ভাস্কৰ জ্যোতি বৰ্মনে প্ৰকাশ কৰিছে মনোভাৱ ।

বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ পৰাগ দাস, নাচিৰ গুল খান, চক্ৰ বিষয়া কমলজিৎ শৰ্মা, মঙ্গলদৈ ক্ৰীড়া সন্থাৰ বিষয় ববীয়াসকল, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঞি, আব্দুল খালেককে ধৰি বহু বিশিষ্ট লোক । অনুষ্ঠানটোৰ আঁত ধৰে আয়োজক কমিটীৰ হৈ প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ মুকুট কলিতাই । ফাইনেলত বাড ক্ৰিকেট ক্লাবে ৩৭ ৰাণত পৰাস্ত কৰে তেজপুৰৰ দলটোক । বাডে প্ৰথমে বেট ধৰি ৬ উইকেটত কৰে ১৭১ ৰাণ । দলৰ স্বৰূপম পুৰকায়স্থ‌ই ৬৫, শিৱম মিট্ৰলে ৫০ আৰু শেষৰ ফালে নিপন ডেকাই ১৬ টা বলত অপৰাজিত ২৯ ৰাণ কৰে । বলিঙত তেজপুৰ দলৰ হৈ তেজিন্দৰ সিঙে ৩ টা আৰু পাৰভেজ আজিজে ২ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত তেজপুৰৰ দলটোৱে ৮ উইকেটত ১৩৪ ৰাণ কৰি পৰাস্ত হয় । দলৰ দিপ্তেশ সাহাই ৪০, শিৱশংকৰ ৰয়ে ২৭, আৰু সৌৰভ মৌচম দিহিঙিয়াই ২৩ ৰাণৰ অবদান আগবঢ়ায় । বিজয়ী দলৰ পুষ্পৰাজ শৰ্মাই ৩ টা আৰু প্ৰীতম দাসে ২ টা উইকেট দখল কৰে । অমিত সিনহাই ১ টা উইকেট পায় । প্ৰভাৱতী দেৱী সোঁৱৰণি ব্যক্তিগত বটাঁ লাভ কৰে ক্ৰমে শ্ৰেষ্ঠ বেটাৰ জিতু আলী, শ্ৰেষ্ঠ বলাৰ ৰিষভ দীপক, শ্ৰেষ্ঠ ফিল্ডাৰ ৰাজাকুদ্দিন আহমেদ, শ্ৰেষ্ঠ কিপাৰ আমজাদ আলী । ফাইনেলৰ মেন অৱ দ্যা মেচ আৰু মেন অৱ দ্য ছিৰিজ ট্ৰফী লাভ কৰে স্বৰূপম পুৰকায়স্থই । পিতৃৰ স্মৃতিত প্ৰতিযোগিতা খন আয়োজন কৰা প্ৰাক্তন বিধায়ক গুৰজ্যোতি দাসে মন্তব্য কৰিছে ।

এই টুৰ্ণামেন্টত ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ আগশাৰীৰ খেলুৱৈয়ে বিভিন্ন দলৰ হৈ খেলা পৰিলক্ষিত হয় । তেওঁলোকে প্ৰতিভা বিকাশৰ এখন সুন্দৰ মঞ্চ লাভ কৰিলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments