Wednesday, October 5, 2022
HomeNewsজগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীৰ দেওবাৰৰ ফাইনেলত বাড বনাম তেজপুৰ

জগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীৰ দেওবাৰৰ ফাইনেলত বাড বনাম তেজপুৰ

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত অনুষ্ঠিত জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টৰ দেওবাৰৰ ফাইনেলত বাড ক্ৰিকেট ক্লাবক প্ৰত্যাহ্বান জনাব তেজপুৰৰ বি ডি এম টি চি চি চি দলে । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ শনিবাৰৰ দ্বিতীয়খন ছেমিফাইনেলত তেজপুৰৰ বি ডি এম টি চি চি চি দলে ৰিভাৰ ৰাইন ক্লাবৰ বিৰুদ্ধে ৯ উইকেটত সহজে জয়লাভ কৰে । ৰিভাৰ ৰাইনে প্ৰথমে বেট ধৰি ১৬.১ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ৬৪ ৰাণ । দলৰ ৰঞ্জিত চাংমায়ে ২০ ৰাণ কৰাৰ বাহিৰে অধিকাংশ খেলুৱৈয়ে উইকেটত সৰহপৰ টিকিব নোৱাৰিলে । বলিঙত প্ৰতিপক্ষৰ ৰাজাকুদ্দিন আহমেদে ৬ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰি মেন অৱ দ্য মেচ হিচাপে প্ৰভাৱতী দেৱী সোঁৱৰণি ট্ৰফী লাভ কৰে । প্ৰত্যুত্তৰত তেজপুৰৰ দলটোৱে শিৱশংকৰ ৰয়ৰ অপৰাজিত ২৭ আৰু সৌৰভ মৌচম দিহিঙীয়াৰ ২৯ ৰাণৰ সহায়ত মাত্ৰ ৮.১ অভাৰত এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । শনিবাৰে মঙলদৈ অঞ্চলত বিয়লি হঠাতে অহা ঘূৰ্ণী বতাহ আৰু বৰষুণৰ বাবে ফাইনেল মেচখন দেওবাৰে সম্ভৱ নহ’ব । সোমবাৰৰ দূপৰীয়া ফাইনেলত পূৰ্বৰ চেম্পিয়ন বাড ক্ৰিকেট ক্লাবে তেজপুৰৰ দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি জনাইছে আয়োজক ২২ য়াৰ্ডছ গ্ল’ৰীৰ সভাপতি বিশ্বজিৎ ডেকা আৰু সম্পাদক ভাস্কৰ জ্যোতি বৰ্মনে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments