Wednesday, July 6, 2022
HomeNewsস্পীনৰ যাদুকৰ

স্পীনৰ যাদুকৰ

অলিম্পিয়া প্রতিবেদন

কিছুদিন পূৰ্বে ক্ৰিকেট দুনিয়া উখল-মাখল হৈ আছিল আই পি এলৰ ব্যস্ততাত৷ সকলোৰে দৃষ্টি এই অৰ্থ আৰু তাৰকাৰে সমৃদ্ধ এই লীগৰ ওপৰত৷ সেই সময়তে চলি আছিল দক্ষিণ আফ্ৰিকা আৰু আই পি এলত নিষিদ্ধ পাকিস্তানৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলা৷ আই পি এলৰ বাবে কেইবাগৰাকী তাৰকা খেলুৱৈৰ অবিহনেই ছিৰিজত অংশ লৈছিল দক্ষিণ আফ্ৰিকাই৷ তাতেই এক অদ্ভুত কাণ্ড কৰি বিশ্ব ক্ৰিকেটৰ দৃষ্টি আকৰ্ষণ কৰিলে দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ তাজাই ছামচিয়ে৷ ঘটনাতো দক্ষিণ আফ্ৰিকা, পাকিস্তানৰ মাজত টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ চলি থকা সময়ৰ কথা৷ দ্বিতীয় ইনিংছত ছামচিৰ এটা বল হিট কৰিবলৈ গৈ পাকিস্তানৰ মহম্মদ হাফিজে কেচ তুলি দিলে দক্ষিণ আফ্ৰিকাৰ উইকেট কীপাৰ হেনৰিখ ক্লছেনৰ গ্ল’ভছত৷ উইকেট দখল কৰি উল্লাসিত ছামচিয়ে আইডল ইমৰাণ তাহিৰৰ দৰে দৌৰি সেই সাফল্য উদ্‌যাপন কৰাৰ কিছুসময় পিছত হঠাৎ ভৰিৰ পৰা জোটা এপাত খুলি জোতাৰ তলফালে ফোন নম্বৰ ডায়েল কৰাৰ দৰে কাৰোবাৰ সৈতে কথা পাতিলে৷ ইয়াৰ পিছতে সকলোৰে দৃষ্টি নিবদ্ধ হ’ল ছামচিৰ ওপৰত৷

আন্তৰ্জাতিক কেৰিয়াৰ বৰ বেছি দীঘলীয়া বা উল্লেখযোগ্য নহয় ছামচিৰ৷ ২০১৬ চনত জাতীয় দলত অভিলেখ¸৷ বলিং একছনো অলপ পৃথক৷ সেই বলিং একছনৰ বাবেই বেটছমেনক বিভিন্ন সময়ত বিপদত পেলাবলৈ সক্ষম হৈছে ছামচি৷ কবলৈ গলে বলিং একছনেই হৈছে এগৰাকী বাওঁহতীয়া ৰিষ্ট স্পীনাৰৰ শক্তি৷ আন্তৰ্জাতিক টি-টুৱেণ্টি ক্ৰিকেটত তেওঁৰ প্ৰথম চিকাৰ ভাৰতীয় দলৰ অধিনায়ক তথা ৰান মেচিন বিৰাট কোহলি৷ কিন্তু ছামচিৰ দৰে ‘‘ৰিষ্ট স্পীনাৰ’’ বহুটো আছে৷ তেওঁক স্পীনৰ যাদুকৰ বুলি কোৱাৰ কাৰণ কি?
কবলৈ লৈছো দক্ষিণ আফ্ৰিকাৰ ঘৰুৱা ক্ৰিকেট লীগ মায়াঞ্জিৰ কথা৷ বহুখিনি আই পি এল দৰে৷ সেই লীগত পাৰ্ল ৰ’কছৰ হৈ খেলা ছামচিয়ে এবাৰ ডেভিদ মিলাৰৰ উইকেট লাভ কৰি উদ্‌যাপন কৰাৰ সময়ত হঠাৎ পকেটৰ ৰুমাল উলিয়াই লয় আৰু আচৰিত ধৰণে সেই হাতৰ মুঠিৰ ৰুমালখনে মূহুৰ্তৰ ভিতৰতে এডাল লাঠি লৈ ৰূপান্তৰিত হয়৷ সকলো আচৰিত৷ ক্ৰিকেটৰ পথাৰত তেনেকুৱা যাদু কৰা আগতে কোনেও দেখা নাছিল৷ এবাৰ আকৌ উইকেট লাভ কৰাৰ উল্লাস উদ্‌যাপন কৰিবলৈ কাপোৰেৰে বনোৱা ভূতৰ মূখা পৰিধান কৰিছিল ছামচিয়ে৷ অৱশ্যে তেনেধৰণে উদ্‌যাপন পৰৱৰ্ত্তী পৰ্য্যয়ত নিষেধ কৰে আই চি চিয়ে৷ সেয়ে যাদু আৰু জোতাৰে ফোন কৰোটেই উদ্‌যাপন সীমাবদ্ধ ৰাখিছে ছামচিয়ে৷ কিছুদিন পূৰ্বে দক্ষিণ আফ্ৰিকাৰ এক টেলিভিছন অনুষ্ঠানতো যাদুৰ বিভিন্ন কৌশল দেখুৱাই সকলোকে আচৰিত কৰি দিছিল তেওঁ৷ ১০ বছৰ বয়সৰ পৰাই যাদু শিকিছে ছামচিয়ে৷ ক্ৰিকেটৰ সৈতে জড়িত নোহোৱা হ’লে যাদুকেই কেৰিয়াৰ হিচাবে বাচি ল’লে হেতেন তেওঁ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments