Tuesday, October 4, 2022
HomeNewsদুৰাৰোগ্য ব্যাধি নেওচি কিদৰে মি: ইউনিভাৰ্ছ হৈছিল মহাদেৱ ডেকা

দুৰাৰোগ্য ব্যাধি নেওচি কিদৰে মি: ইউনিভাৰ্ছ হৈছিল মহাদেৱ ডেকা

মহাদেৱ ডেকা। নামেই যাৰ পৰিচয়। শৰীৰচৰ্চাক এক অনন্য মাত্ৰা প্ৰদান কৰা অসমৰ এই সুঠাম শৰীৰচৰ্চাবিদ জন কেৱল দেখাতেই শক্তিশালী নহয়। বৰঞ্চ এক প্ৰচণ্ড মানসিক শক্তিৰো অধিকাৰী। ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাত অনুষ্ঠিত মি: ইউনিভাৰ্ছ মাচল মেনিয়াৰ খিতাপ দখল কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল মহাদেৱ ডেকাই। ২০০৮ চনটো একেখন প্ৰতিযোগিতাৰ ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰিছিল শৰীৰচর্চাবিদ গৰাকীয়ে।

এগৰাকী প্রকৃত যোদ্ধা। নিয়তিয়ে বহুবাৰ কঠিন পৰীক্ষাৰ মুখামুখি কৰাইছে যদিও এজোপা বটবৃক্ষৰ দৰে প্রতিমুহূৰ্ততে স্থিতপ্ৰজ্ঞ হৈ থিয় দিছে এইগৰাকী যোদ্ধাই। এটা হাৰ্ট চাৰ্জাৰী আৰু তাৰ পাছত বহুকেইটা দিন নিৰন্তৰ কেম’থেৰাপি লোৱাৰ পিছত বহুতেই হয়টো আশা হেৰুৱাই দিলেহেতেন। শৈশৱৰ পৰাই নিজৰ দেহাটো পূজা কৰিবলৈ লোৱা মহাদেৱ ডেকাই সদায় সপোন দেখিছিল শৰীৰচর্চাৰে সুনাম কঢ়িয়াই অনাৰ। যাৰ বাবেই হয়তো শৰীৰত বাহ লোৱা ৰোগে বৰ বেছি ৰুগীয়া কৰিব পৰা নাছিল মহাদেৱ ডেকাক। মহাদেৱ ডেকাৰেই মুখেৰে শুনো আহক এই জটিল সন্ধিক্ষণত তেওঁৰ মানসিক অৱস্থাটো কি আছিল-



“তেতিয়া মই ইষ্টাৰ্ণ ইণ্ডিয়া প্ৰতিয়োগিতাৰ বাবে সাজু হৈছিলো।২০০১ চনৰ শেষৰফালে অনুশীলন কৰি থকাৰ সময়ত বুকুৰ বাঁওফালে কষ্ট পাইছিলো। ডাক্টৰৰ ওচৰলৈ গৈছিলোঁ যদিও বুকুৰ সাধাৰণ বিষ বুলিহে কলে।মোক তেওঁ সুস্থই দেখিছিল। সেইবাৰ মই ইষ্টাৰ্ণ ইণ্ডিয়া প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিলো। জানুৱাৰীত বিষটো বেছি হোৱাত পুনৰ ডাক্টৰৰ কাষ ছাপিলো। মোক এইবাৰ এক্স-ৰে কৰিবলৈ দিলে, তাৰ পাছত চিটী স্কেন। তেতিয়া মই মটৰ চাইকেল চলাই অকেলই ঘূৰি ফুৰো। জীমৰ পৰা অকলেই ডাক্টৰৰ ওচৰৰ পৰা ৰিপৰ্ট আনিবলৈ গলো। ডাক্টৰৰে কলে অকলে নহয় লগত অভিভাৱক লৈ আহা। দাদাক লৈ গলো। ডাক্টৰে দাদাক কলে কি হৈছে। সেয়া অন্য এখন পৃথিবী, অন্য এখন যুঁজ-জিমৰ পৰা বাহিৰত। দিল্লীৰ এপল হাস্পতালত ২০-৩০ দিন ডাকক্টৰৰ অধীনত থাকিলো। ৬টা কেমো থেৰাপী দিলে। বুজিছেই যুঁজখন কেনে আছিল। অকৌ ডাক্টৰী পৰীক্ষা। মই কিন্তু কেম থেৰাপী লোৱাৰ সময়টো শৰীৰ চৰ্চা অব্যাহত ৰাখিছিলোঁ। ইয়াৰ পিছত ডাক্টৰৰ পৰামৰ্শ মতে মই মুম্বাইৰ টাটা মেমৰিয়েল হাস্পতালত অপেন হাৰ্ট চাৰ্জাৰী কৰাও। আগষ্টত চাৰ্জাৰী কৰাৰ পাছত দুই-তিনি মাহ অনুশীলন কৰা নাছিলো। তাৰ পাছত আকৌ অনুশীলন চলাই ২০০৩ চনৰ পৰা পূৰ্ণ অনুশীলন আৰম্ভ কৰোঁ।

জীৱনৰ এনে কঠিন সময় অতিক্ৰম কৰি মহাদেৱ ডেকাই মি ইণ্ডিয়া, মি ইউনিভাৰ্ছকে আদি কৰি বহু খিতাপ অৰ্জন কৰিলে আৰু আমাকো জীৱনটোক চোৱাৰ যেন এক নতুন দৃষ্টিভংগী কঢ়িয়াই আনিলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments