Wednesday, October 5, 2022
HomeNewsকংগ্ৰেছী বিধায়কে দাবী কৰিলে ভাৰত ৰত্নৰে সন্মানিত কৰক ধোনিক

কংগ্ৰেছী বিধায়কে দাবী কৰিলে ভাৰত ৰত্নৰে সন্মানিত কৰক ধোনিক

নিউজ ডেস্ক ৰিপ’ৰ্ট

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে ধোনিক লৈ ব্যস্ত হৈ পৰিছে তেওঁৰ অনুগামীসকল। ক্ৰিকেট বিশ্বকাপৰ পৰা আৰম্ভ কৰি সকলো আই চি চি ট্ৰফী ধোনিৰ নেতৃত্বতে ভাৰতে দখল কৰিবলৈ সক্ষম হৈছে। ধোনিৰ ৰণকৌশল, বিচক্ষণতা, পৰিস্থিতি অনুসৰি নিজকে তৈয়াৰ কৰি তোলা আৰু সৰলতাৰ বাবে সকলোৰে প্ৰিয় তেওঁ। সেয়ে হয়তো ক্ৰীড়াবিদৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকৰ লগতে ৰাজনৈতিক নেতাৰো প্ৰিয় ধোনি। এইসকলৰ বাবে ধোনি যেন এক নাম নহয়, ধোনি এক আৱেগ।

প্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে অৱসৰ ঘোষণা কৰাৰ এটা দিনৰ পিছতে এইবাৰ তেওঁক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছে। ধোনিৰ অনুৰাগী ৰূপে পৰিচিতি হোৱা এগৰাকী ৰাজনৈতিক নেতাই এই দাবী কৰিছে। ভোপালৰ কংগ্ৰেছ বিধায়ক পি চি শৰ্মাই টুইটাৰত এই দাবী উত্থাপন কৰিছে।

তেওঁ লিখিছে, ভাৰতীয় ক্ৰিকেটক সমগ্ৰ বিশ্বত বিজয়ী ৰূপে প্ৰতিষ্ঠা কৰা ‘দেশৰ ৰত্ন’ মহেন্দ্ৰ সিং ধোনিক ভাৰত ৰত্নৰে সন্মানিত কৰিব লাগে। তেওঁ সমগ্ৰ বিশ্বতে দেশৰ ক্ৰিকেটক এক নতুন শিখৰত উপনীত কৰিলে। সেইবাবে তেও‍ঁক দেশৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান দিব লাগে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments