Tuesday, October 4, 2022
HomeNewsলকডাউনৰ বাবে ৰাজস্থানৰ পৰা বিহাৰলৈ খোজকাঢ়ি যাবলৈ ওলাইছিল শ্ৰমিক; সহায় কৰিলে মহম্মদ...

লকডাউনৰ বাবে ৰাজস্থানৰ পৰা বিহাৰলৈ খোজকাঢ়ি যাবলৈ ওলাইছিল শ্ৰমিক; সহায় কৰিলে মহম্মদ ছামিয়ে

ক’ভিড ১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়ছোৱাত দৰিদ্ৰ লোকসকলৰ লগতে বহিঃৰাজ্যত কাম কৰি থকা প্ৰব্ৰজিত শ্ৰমিকসকলো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। বহুতে নিজ ৰাজ্যলৈ ঘূৰি যাবৰ বাবে হাহাকাৰ কৰিছে।

তেনে এক ঘটনাৰ কথাই ক্ৰিকেটাৰ মহম্মদ ছামিয়ে তেওঁৰ সতীৰ্থ য়ুজবেন্দ্ৰ চহলৰ সৈতে হোৱা ইনষ্টাগ্ৰামৰ কথাবাৰ্তাত উল্লেখ কৰিছে। ভাৰতীয় পেচবলাৰজনে তেওঁৰ বাসগৃহৰ সন্মুখতে কেনেদৰে ৰাজস্থানৰ শ্ৰমিক এজনে বিহাৰলৈ বুলি খোজেৰে ৰাওনা হৈছে সেই কথাৰ বৰ্ণনা কৰে। যিজনক তেওঁ বাসগৃহৰ সন্মুখৰ চি চি টি ভিত প্ৰত্যক্ষ কৰে।

“তেওঁ ৰাজস্থানৰ পৰা আহি আছিল। কল্পনা কৰা যে তেওঁ বিহাৰলৈ যাবলৈ ওলাইছিল, লখ্নৌৰ পৰাও বহু দূৰ ঠাই এখনলৈ। তেওঁৰ যোৱাৰ বাবেও একো উপায় নাছিল। মই দেখিছিলোঁ ভোকে পিঁয়াহে আহি তেওঁ মোৰ বাসগৃহৰ গেটৰ সমুখত ৰৈ আছিল। মই তেওঁক লগে লগে খাবলৈ কিবা অলপ দিলোঁ আৰু তেওঁক সহায় কৰিলোঁ।” ২৯ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে কয়।

উল্লেখযোগ্য যে ইয়াৰ বাহিৰেও ছামিয়ে বিশেষকৈ প্ৰবৰ্জিত শ্ৰমিকসকলক লকডাউনৰ সময়ছোৱাত সহায়ৰ হাত আগবঢ়াই আহিছে। ” মই চেষ্টা কৰিছোঁ যিমান পাৰি সহায় কৰিবলৈ। ইয়াত তেনেকুৱা বহু প্রবৰ্জিত শ্ৰমিক আছে যিসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো মোৰ ঘৰৰ সন্মুখেৰে গৈছে বাবে মই নিতৌ এনে বহু লোকক পথত দেখা পাওঁ। মই অনুভৱ কৰোঁ যে এইসকল লোকক সহায়ৰ প্ৰয়োজন। সেয়ে যিমান পাৰি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ।” ক্ৰিকেটাৰজনে লগতে কয়।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে দৈনিক কৰ’নাৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰততো লকডাউন ৩ মে পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়। লকডাউনৰ সময়ছোৱাত দৈনিক মজুৰি কৰি জীৱন যাপন কৰা প্ৰবৰ্জিত শ্ৰমিকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। মঙ্গলবাৰে এনে অসংখ্য শ্ৰমিক মুম্বাইৰ বান্দ্ৰা ষ্টেচনত সমবেত হয় ঘৰলৈ যোৱাৰ আশাত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শেষত পুলিচে লাঠী চালনা পৰ্যন্ত কৰিব লগা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments