Tuesday, October 4, 2022
HomeNewsদৈনিক ৮ ৰ পৰা ১০ হাজাৰ শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰিছে এইগৰাকী...

দৈনিক ৮ ৰ পৰা ১০ হাজাৰ শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰিছে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে…

olympiasports.in

কৰ’না মহামাৰীৰ বাবে এতিয়া দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ লগতে শ্ৰমিক শ্ৰেণীৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছে। মৃত্যুৰ সৈতে সহবাস কৰি আগুৱাই গৈছে গৃহ ৰাজ্যলৈ। শ্ৰমিক শ্ৰেণীৰ এনে দুৰৱস্থাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহ বিদত পৰাৰ সমান্তৰালভাৱে সচেতন মহলে চৰকাৰী পক্ষক শ্ৰমিকৰ এনে দুৰৱস্থাৰ বাব ধিক্কাৰ দিছে। শ্ৰমিকৰ সহায়ৰ বাই আগবাঢ়ি আহিছে বিভিন্নজন হৃদয়বান ব্যক্তি। ইয়াৰ মাজত অন্যতম ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ তথা পেচ বলাৰ মহম্মদ ছামি।

অসহায়, দুৰ্দশাগ্ৰস্ত শ্ৰমিক শ্ৰেণীৰ সহায়ৰ বাবে মহম্মদ ছামিয়ে প্ৰশাসনৰ সহযোগত পাৰ্যমানে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। ছামিয়ে নিজৰ গৃহ জিলা আমৰোহত থকা দিল্লী-লকক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত থাকি বিহাৰ, উত্তৰ প্ৰদেশ আদিলৈ ৰাওনা হোৱা শ্ৰমিকসকলক বিভিন্ন খাদ্য সামগ্ৰী আগবঢ়াইছে। প্ৰশাসনৰ সহযোগত ছামিয়ে নিতৌ ৮ৰ পৰা ১০ হাজাৰ শ্ৰমিকক খাদ্য সামগ্ৰী আগবঢ়াইছে বুলি নিজেই জনাইছে।

আনহাতে ছামিয়ে এই জটিল সময়ত সকলোকে নিজৰ সাধ্যনুসৰি সহায় কৰিবলৈয়ো আহ্বান জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments