Tuesday, October 4, 2022
HomeNewsপখিলাৰ দৰে উৰা, মৌ-মাখিৰ দৰে বিন্ধা : মহম্মদ আলিৰ কিছু নজনা কথা

পখিলাৰ দৰে উৰা, মৌ-মাখিৰ দৰে বিন্ধা : মহম্মদ আলিৰ কিছু নজনা কথা

olympiasports.in

মহম্মদ আলী। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ এগৰাকী বক্সাৰ। খুব কমেইহে এইগৰাকী বক্সাৰৰ নাম নাজানে বা তেওঁক নাজানে। সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ বক্সাৰ হিচাপে পৰিগণিত হোৱা আমেৰিকাৰ মহম্মদ আলীৰ বিষয়ে কিছু নজনা কথা জানোঁ আহকচোন।

স্প’ৰ্টছমেন অব দ্যা চেঞ্চুৰী

মহম্মদ আলী বিগত ১০০ বছৰৰ এজন শ্ৰেষ্ঠ স্বীকৃতি প্ৰাপ্ত ক্ৰীড়া ব্যক্তিত্ব যাক Sportsman of the Century বুলি কোৱাৰ উপৰিও বিশ্বৰ অগ্ৰণী সংবাদ গোষ্ঠী বি বি চিয়ে Sports Personality of the Century বুলি অভিহিত কৰিছে।

নামৰ পৰিবৰ্তন

মহম্মদ আলীৰ প্ৰকৃত নাম আছিল কেচিয়াছ মাৰ্চেলাছ ক্লে’ জুনিয়ৰ। কিন্তু পৰবৰ্তী সময়ত ক্লে’ জুনিয়ৰে ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম মহম্মদ আলিলৈ সলনি কৰে।

হেভিৱেইট চেম্পিয়নশ্বিপ জয় কৰা কনিষ্ঠতম বক্সাৰ

মহম্মদ আলীয়ে কনিষ্ঠতম বক্সাৰ হিচাপে ২২ বছৰ বয়সতেই জয় কৰিছিল হেভিৱেইট চেম্পিয়ন খিতাপ। অৱশ্যে পৰবৰ্তী সময়ত তেওঁৰ এই অভিলেখ ভংগ হৈছিল।

সকলোৰে পৰা লুকুৱাই নেচন অব ইছলামত যোগদান

মহম্মদ আলীয়ে পোন প্ৰথমবাৰৰ বাবে ১৯৬১ চনত নেচন অব ইছলামৰ বৈঠকত ভাগ লৈছিল আৰু ইয়াৰ পিছত সাধাৰণ জনতাই নজনাকৈয়ে ধাৰাবাহিকভাবে এই বৈঠকত ভাগ লৈছিল।

মাৰ্টিন লুথাৰ কি‌ং জুনিয়ৰৰ দ্বাৰা অনুপ্ৰাণিত

মহম্মদ আলী আমেৰিকাৰ চিভিল ৰাইট ম’ভমেণ্টৰ প্ৰবক্তা মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

অপৰম্পৰাগত বক্সিং শৈলী

মহম্মদ আলীৰ আছিল এক অপৰম্পৰাগত বক্সিং শৈলী। মহম্মদ আলীয়ে নিজেই এই বিষয়ত কৈছে এনেদৰে ‘ পখিলাৰ দৰে উৰা, মৌ-মাখিৰ দৰে বিন্ধা’।

সকলো হেভিৱেইট বক্সাৰক পৰাজিত কৰা

মহম্মদ আলীয়ে তেওঁৰ সময়ত সকলো হেভিৱেইট বক্সাৰক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। মহম্মদ আলীৰ সেই অপৰাজেয় সময়খিনিক কোৱা হৈছে The Golden Age of Heavyweight Boxing ।

শতিকাৰ শ্ৰেষ্ঠ হেভিৱেইট বক্সাৰ

দ্যা এচ’চিয়েট প্ৰেছে ১৯৯৯ চনত মহম্মদ আলীক শতিকাটোৰ শ্ৰেষ্ঠ বক্সাৰ হিচাপে আখ্যা দিছে।

টনি মৰিচনে সম্পাদনা কৰিছে আলীৰ আত্মজীৱনী

নবেল বঁটা বিজয়ী সাহিত্যিক টনি মৰিচনে মহম্মদ আলীৰ আত্মজীৱনী The Greatest: My Own Story সম্পাদনা কৰিছে। এই গ্ৰন্থখন ২০১৫ চনত প্ৰকাশিত হৈছে।


সামৰিক বাহিনীত যোগদানত অস্বীকাৰ

মহম্মদ আলীয়ে ভিয়েটনাম যুদ্ধৰ সময়ত ৰাজহুৱাকৈ সেনা বাহিনীত যাবলৈ অস্বীকাৰ কৰিছিল। তেওঁ ৰাজহুৱাকৈ কৈছিল যে কোনো ভিয়েটনামীয়ে তেওঁক নিগ্ৰো বুলি ইতিকিং কৰা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments