Tuesday, October 4, 2022
HomeNewsব্ৰাজিললৈ নিৰ্বাচিত মণিকা গগৈ; অৰ্থৰ অভাৱৰ বাবেই দেশক প্ৰতিনিধিত্ব কৰিব নোৱাৰিব এথলিটগৰকীয়ে;

ব্ৰাজিললৈ নিৰ্বাচিত মণিকা গগৈ; অৰ্থৰ অভাৱৰ বাবেই দেশক প্ৰতিনিধিত্ব কৰিব নোৱাৰিব এথলিটগৰকীয়ে;

যোৰহাট জিলাৰ জাঁজী হাঁহচৰাৰ মণিকা গগৈ মাষ্টাৰ্ছ গেমছ ২০২০ লৈ নিৰ্বাচিত হৈছে। ৩৫ বৰ্ষীয় মণিকা গগৈয়ে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৪ বছৰীয়া এটি পুত্ৰ সন্তানৰ মাতৃ মণিকাই অলপতে গুজৰাটত অনুষ্ঠিত হৈ যোৱা মাষ্টাৰ্ছ গেমছৰ ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গুজৰাটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত লাভ কৰা সফলতাৰ সোৱাদতে মণিকাই ব্ৰাজিলৰ ৰাজধানী চহৰ ৰি’অ ডি জেনেৰি’অত অনুষ্ঠিত হ’বলগীয়া পান আমেৰিকান মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে। ব্ৰাজিলৰ ৰাজধানী চহৰত ৪ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া মাষ্টাৰ্ছ প্ৰতিযোগিতাখনত মণিকা গগৈয়ে ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে অতি কম সময়তে মণিকা গগৈয়ে নিজকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ হিচাপে নিজকে প্ৰস্তুত কৰি তুলিছে। যোৰহাট জিলাৰ টীয়কত অনুষ্ঠিত হোৱা আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা ৰাজ্যিক মাষ্টাৰ্ছ প্ৰতিযোগিতা আৰু তাৰ পিছত গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিজকে আগুৱাই নিবলৈ সক্ষম হৈছিল। সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰি মণিকাই গুজৰাটৰ মাষ্টাৰ্ছ গেমছতো পদক লাভ কৰি ব্ৰাজিললৈ নিৰ্বাচিত হৈছে। অৱশ্যে মণিকা গগৈয়ে ব্ৰাজিললৈ যোৱাটো এতিয়াও চূড়ান্ত হোৱা নাই। কাৰণ টেম্পো চলাই জীৱন অতিবাহিত কৰা মণিকা গগৈৰ স্বামী তিলক গগৈয়ে মণিকা গগৈক ব্ৰাজিললৈ যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিব পৰা নাই। ব্ৰাজিললৈ যাবলৈ যি ধনৰ প্ৰয়োজন সেই ধন তিলক গগৈয়ে মণিকা গগৈক যোগান ধৰিবলৈ অসমৰ্থ। যাৰ বাবে মণিকা গগৈ ব্ৰাজিললৈ গৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো এতিয়া অসম্ভৱ হৈ পৰিছে। ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থকাৰ পৰিবৰ্তে নিজৰ শাৰিৰীক সক্ষমতাৰ বলত কিবা এটা কৰাৰ হেপাঁহ অনবৰতে বুকুত লৈ ফুৰা মণিকা গগৈয়ে প্ৰশাসন তথা চৰকাৰৰ পৰা।ব্ৰাজিল যাত্ৰাৰ বাবে সহায় আশা কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments