Thursday, July 7, 2022
HomeNewsপাচলিৰ দোকান দিয়া জ'জ' মণিপুৰৰ প্ৰথমগৰাকী এম এম এ ফাইটাৰ!!

পাচলিৰ দোকান দিয়া জ’জ’ মণিপুৰৰ প্ৰথমগৰাকী এম এম এ ফাইটাৰ!!

অলিম্পিয়া প্রতিবেদন

সপোনৰ কোনো পৰিধি নাই। যি দৃঢ়তা আৰু প্ৰৱল আত্মবিশ্বাসৰ গৰাকী,তেওঁৰ বাবে সপোনক সাকাৰ ৰূপ দিয়াটো বৰ কঠিন নহয়। ক’বলৈ খুজিছোঁ মণিপুৰৰ প্ৰথমগৰাকী এম এম এ ফাইটাৰ জ’জ’ ৰাজকুমাৰীৰ কথা। পদপথত শাক পাচলি বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি পকৰীৰ দোকান দিয়ালৈ সংগ্ৰামৰ এক কঠিন বাট অতিক্ৰম কৰি জ’জ’ ৰাজকুমাৰীয়ে অব্যাহত ৰাখিছে সমৰকলাৰ অনুশীলন।

মণিপুৰৰ এখন সৰু গাঁও মৈৰাঙত জন্মগ্ৰহণ কৰা জ’জ’ ৰাজকুমাৰীয়ে সমৰকলা আৰম্ভ কৰে ২০০৭ চনত। কিক বক্সিঙৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জ’জ’ৰ বাবে সহজ নাছিল এই যাত্ৰা। প্ৰথম অৱস্থাত পৰিয়ালৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নাছিল জ’জ’ই। কিন্তু কীক বক্সিঙৰ ৰাজ্যিক প্ৰতিযোগিতাত যেতিয়াৰ পৰা পদক বুটলিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই সকলোৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হল জ’জ’ই।

YouTube player
জ’জ’ সম্পৰ্কে প্ৰচাৰিত এটা বাতৰি

মিক্সড মাৰ্চিয়েল আৰ্ট চমুকৈ এম এম এৰ প্ৰতি পূৰ্বৰে পৰাই দুৰ্বলতা আছিল জ’জ’ৰ। ২০১৮ চনত কাংলেইপাক মাৰ্চিয়েল আৰ্টছ ক্লাবৰ প্ৰশিক্ষক এন ফ্ৰাংকে ইম্ফলত অনুষ্ঠিত এম এম এ টুৰ্ণামেণ্ট এখনত ভাগ ল’বলৈ আমন্ত্ৰণ জনালে জ’জ’ক। সেয়াই আৰম্ভণি। তাৰ পিছৰে পৰা প্ৰশিক্ষক এন ফ্ৰাংকৰ তত্বাৱধানত এম এম এৰ প্ৰশিক্ষণ গ্ৰহণ কৰি খেলবিধত ক্ৰমাৎ নিপুনতা অর্জন কৰিবলৈ সক্ষম হৈছে জ’জ’ই। মণিপুৰ ফাইট লীগত অংশগ্ৰহণ কৰি তিনিখনৰ দুখনকৈ এম এম এ ফাইটত জয়লাভ কৰি জ’জ’ই অব্যাহত ৰাখিছে সমৰকলাৰ ক্ষেত্ৰখনত নিজৰ দপদপনি।

মণিপুৰৰ প্ৰথমগৰাকী মহিলা এম এম এ ফাইটাৰ হিচাবে এতিয়া জ’জ’ সমগ্ৰ মণিপুৰতে জনপ্ৰিয়। লকডাউনৰ সময়ছোৱাত পদপথত কাপোৰৰ দোকান দি নিজৰ পৰিয়াল পোহপাল দিয়া জ’জ’ই উঠি অহা প্ৰজন্মক শিকাইছে সপোন গঢ়াৰ আদিপাঠ। নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ অন্য এক নাম হৈ পৰিছে জ’জ’ ৰাজকুমাৰী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments