অলিম্পিয়া প্ৰতিবেদন
এক মহান উদ্দেশ্য সন্মুখত লৈ মণিপুৰৰ তিনিগৰাকী যুৱতীয়ে আৰম্ভ কৰিছে দু:সাহসিক চাইকেল যাত্ৰা। যোৱা ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা এই দুঃসাহসিক চাইকেল যাত্ৰা দিল্লীত গৈ সমাপ্ত হ’ব।
‘মহিলাৰ বিৰুদ্ধে চলা নিৰ্যাতন আৰু শিশু শ্ৰম বন্ধ’ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চাইকেলেৰে মণিপুৰৰ পৰা দেশৰ ৰাজধানী দিল্লী অভিমুখে যাত্ৰা কৰা এই যুৱতী তিনিগৰাকী ইতিমধ্যে আহি অসমত উপস্থিত হৈছেহি।
মণিপুৰৰ পশ্চিম ইম্ফলৰ মাথুৰাবাশী মায়ুম বিন্দিয়া দেৱী, কাকচিঙৰ চিনাম ৰশ্নী দেৱী আৰু কেইবিৰ চাকপ্ৰাম নাওচা চানু নামৰ এই
যুৱতী তিনি গৰাকীয়ে আজি বৰপেটা চহৰত উপস্থিত হোৱা বুলি জানিব পাৰি স্থানীয় একাংশ ৰাইজে তেওঁলোকক গামোছাৰে আদৰণি জনায় আৰ তেওঁলোকে যি মহান উদ্দেশ্য লৈ দুঃসাহসিক চাইকেল যাত্ৰা আৰম্ভ কৰিছে সেই উদ্দেশ্য সফল হোৱাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।
মণিপুৰৰ এই সাহসী যুৱতী তিনি গৰাকীয়ে ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা চাইকেল যাত্ৰা নাগালেণ্ড, অসম, পশ্চিম বংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ হৈ প্ৰায় ২৫০০ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি গন্তব্য স্থান দিল্লীত উপস্থিত হ’ব। তেওঁলোকে এই গোটেই ভ্ৰমণছোৱা ২০ দিনৰ ভিতৰত সমাপ্ত কৰিব বুলি জানিবলৈ দিছে। ।