অলিম্পিয়া বাৰ্তা
২০১৮ চনতে তেওঁৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছিল। কিন্তু বঁটা লাভ কৰিবলৈ অপেক্ষা কৰিব লগা হ’ল দুটাকৈ বছৰ। মণিপুৰৰ ভাৰত্তোলক চঞ্জিতা চানুয়ে তেওঁৰ বিৰুদ্ধে থকা ড’পিঙৰ অভিযোগৰ পৰা মুক্ত হোৱাৰ পিছতেই ২০১৮ৰ অৰ্জুন বঁটা লাভ কৰাৰ পথ মুকলি হৈ পৰিল।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণনালয়ৰ এটা সূত্ৰত প্ৰকাশ পোৱা অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত্তোলকগৰাকীক এই বঁটা প্ৰদান কৰিবলৈ নিৰ্বাচক কমিটিক নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে আন্ত:ৰাষ্ট্ৰীয় ভাৰত্তোলন সন্থাই চঞ্জিতা চানুৰ বিৰুদ্ধে থকা ড’পিংৰ অভিযোগ উঠাই লোৱাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক এই বঁটা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে ২০১৮ চনৰ মে’ মাহত চঞ্জিতাৰ দেহত নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছিল। তাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় ভাৰত্তোলন সন্থাই তেওঁৰ বিৰুদ্ধে নিষিদ্ধ দ্ৰব্য সেৱনৰ অভিযোগ উত্থাপন কৰিছিল। চানুই সন্থাৰ এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে আৱদেন জনাইছিল। ৱৰ্ল্ড এন্তি ড’পিং এজেঞ্চি চমুকৈ ‘ৱাদা’ই অনুসন্ধানৰ অন্তত চানুৰ বিৰুদ্ধে থকা সকলো অভিযোগ উঠাই লয়। উল্লেখযোগ্য যে চঞ্জিতা চানুই ২০১৪ আৰু ২০১৮ চনত একেলেথাৰিয়ে ভাৰতৰ হৈ কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল।