Friday, September 30, 2022
HomeNewsচলন্ত চাইকেলৰ ওপৰত লোকবাদ্য পৰিৱেশন:মনজিৎ দিহিঙীয়ালৈ 'ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড'

চলন্ত চাইকেলৰ ওপৰত লোকবাদ্য পৰিৱেশন:মনজিৎ দিহিঙীয়ালৈ ‘ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড’

বহুতৰে হয়টো মনত আছে মনজিৎ দিহিঙীয়াক। মাজতে খালি ভৰিৰে ২০২ কি মি দূৰত্ব একেৰাহে ২৫ ঘণ্টাত অতিক্ৰম কৰাৰ উপৰি হেণ্ডেল স্পর্শ নকৰাকৈ চাইকেল চলাই চলন্ত চাইকেলৰ ওপৰতে অসমীয়া লোকবাদ্য পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এইজন অসম আৰক্ষীৰ জোৱানে। এই কাৰ্যৰ দ্বাৰা বহুতৰ কেৱল প্ৰশংসা বুটলাই নহয় বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হৈছিল তেওঁ। লাভ কৰে ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা সন্মানীয় ডক্টৰেট উপাধিও। সেই মনজিৎ দিহিঙীয়ালৈ এইবাৰ আগবঢ়োৱা হৈছে মাৰ্চিয়েল আৰ্ট এণ্ড স্পৰ্টছ এডুকেচন ইউনিভাৰ্চিটিৰ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডৰ সন্মান। ৩১ মাৰ্চত কাঠমাণ্ডুত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিহিঙীয়াক এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বহুকেইটা বঁটা লাভ কৰা মনজিৎ দিহিঙীয়াই কিছুদিন আগতে লাভ কৰিছিল ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত সংস্থা নেচনেল এন্টি হাৰাছমেণ্ট ফাউণ্ডেচনৰ আন্তঃৰাষ্ট্ৰীয় আইকন পুৰস্কাৰৰ সন্মান।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments