Tuesday, July 5, 2022
HomeNewsমাৰাডোনা আছিল মনে প্ৰাণে পেলেষ্টাইনী

মাৰাডোনা আছিল মনে প্ৰাণে পেলেষ্টাইনী

অলিম্পিয়া প্রতিবেদন

পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত মূখৰ হৈছে সমগ্ৰ বিশ্ব৷ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে পেলেষ্টাইনক সমৰ্থন জনাইছে৷ ৰৈ যোৱা নাই ক্ৰীড়া ক্ষেত্ৰত৷ এই ইজৰাইল পেলেষ্টাইন সংঘাটক লৈ ক্ৰীড়া বিশ্বৰ এজন মহাৰথীৰ কথা আদি ইয়াত উল্লেখ কৰিবলৈ লৈছো৷ তেওঁ আছিল মনে প্ৰাণে পেলেষ্টাইনী৷ নিসংকোচে তেওঁ নিজেই ঘোষণা কৰিছিল এই কথা৷ যেৱা নৱেম্বৰ মাহত সমগ্ৰ ফুটবল বিশ্বক কন্দুৱাই চিৰবিদায় লৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ডিয়েগো মাৰাডোনাই৷ তেওঁৰ মৃত্যুৰ দুখত ভাৰাক্ৰান্ত সকলে কেৱল ফুটবলাৰ হিচাপে নহয় ব্যক্তি হিচাপে মাৰাডোনাৰ ‘‘বিদ্ৰোহী’’ চৰিত্ৰক পচন্দ কৰে৷

কিউবাৰ বিপ্লৱী কমিউনিষ্ট নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্টোৰ সৈতে মাৰাডোনাৰ ঘণিষ্ঠতাৰ কথা সৰ্বজন বিদিত৷ তদুপৰি ভেনিজুৱেলাৰ প্ৰয়াত ৰাষ্ট্ৰপতি হুগো ছাভেৰ্জ, বলিভিয়াৰ প্ৰয়াত ৰাষ্ট্ৰপতি ইভ মোৰালেছৰ সৈতে থকা মাৰাডোনাৰ ঘণিষ্ঠতাৰ কথা কোনে নেজানে৷ মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব বিৰোধী টি ছাৰ্ট পিন্ধি হগো ছাভেজৰ সৈতে বিভিন্ন স্থানত তেওঁক বহুবাৰ প্ৰত্যক্ষ কৰিছে বিশ্বই৷

কিন্তু কেৱল লেটিন আমেৰিকাৰ নহয় সমগ্ৰ বিধিৰ নিপীড়িত জনগণৰ হৈ মাত মাতিছিল মাৰাডোনাই৷ বিশেষকৈ পেলেষ্টাইনী জনগণৰ অনুৰাগী বুলি ঘোষণা কৰা মাৰাডোনাই দুবছৰ পূৰ্বে অৱৰুদ্ধ গাজা ষ্ট্ৰিপত হোৱা ইজৰাইলী আক্ৰমণক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল৷ ‘‘পেলেষ্টাইনৰ ওপৰত ইজৰাইলে যি কৰিছে সেয়া নিন্দনীয়’’- মাৰাডোনাৰ স্পষ্ট মন্তব্য আছিল৷ পেলেষ্টাইনী ফুটবল দলৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰস্তাৱলৈও মাৰাডোনাৰ সৈতে আলোচনা কৰিছিল পেলেষ্টাইনী ফুটবল সন্থাই৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments