ফুটবলৰ ৰাজপুত্ৰ ডিয়োগে মাৰাডোনা যিদৰে আছিল জনপ্ৰিয় একেদৰে আছিল তেওঁ অতি বিতৰ্কিত। সকলো সয়তে তেওঁক বিতৰ্কই ঘেৰি ৰাখিছিল। এক কথাত তেওঁক ফুটবলত থকা তেওঁৰ দক্ষতাৰ বাবে যিদৰে তেওঁক ৰাজপুত্ৰ বুলি কোৱা হয় ঠিক তেনেদৰে ইটোৰ পিছত সিটো বিতৰ্কৰ লগত তেওঁ যিদৰে জৰিত হৈ পৰিছিল সেই ফালৰ পৰা তেওঁক বিতৰ্কৰ ৰজা বুলিও আখ্যা দিব পাৰি বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ হৈ আহিছে।
আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাৰাডোনাৰ কেইটামান বিখ্যাত বিতৰ্ক। যি বিতৰ্কই মাৰাডোনাক এফালে কৰিছিল জনপ্ৰিয় আৰু আনফালে কৰিছিল ধ্বংস।
ডপিং বিতৰ্ক

১৯৮৩ চনৰ পৰা মাৰোডোনাই অত্যাধিক হাৰত সুৰা আৰু ড্ৰাগছ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে প্ৰায়ে বিতৰ্কৰ সন্মুখীন হৈছিল। অৱশ্যে তেওঁৰ সফলতাই এই বিতৰ্কক ম্লান পেলাইছিল। ১৯৯১ আৰু ১৯৯৪ চনত মাৰাডোনা ডপিং টেষ্টৰ সন্মুখীন হৈছিল আৰু এই টেষ্টত তেওঁ বিফল হৈছিল।যাৰবাবে ফুটবলৰ ৰাজপুত্ৰক সাময়িকভাৱে ফুটবলৰ পৰা নিষিদ্ধ কৰা হৈছিল।
সাংবাদিকৰ দেহত গুলীচালনা

১৯৯৪ চনত মাৰাডোনাই সংঘটিত কৰিছিল এক গুলীচালনাৰ ঘটনা। এগৰাকী সাংবাদিকৰ দেহত তেওঁ এয়াৰ ৰাইফলৰ দ্ধাৰা গুলী চলাইছিল। যাৰবাবে তেওঁক আদালতে ২ বছৰ ১০ মাহ কাৰাদণ্ড বিহিছিল।
টেক্স চুৰ

২০১৩ চনত ইটালী ইনকাম টেক্স বিভাগে মাৰাডোনাই টেক্স চুৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকৰ অভিযোগ আছিল মাৰাডোনাই ৩৯ মিলিয়ন টেক্স ফাঁকি দিছিল।
ষ্টেডিয়ামত ধুমপান

২০১৮ চনৰ ফিফা বিশ্বতকাপৰ এখন মেচত মাৰাডোনাক দেখা গৈছিল ষ্টেডিয়ামৰ ভিতৰত ধুমপান কৰা। মনকৰিবলগীয়া যে ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবলৰ মেচত ধুমপান কৰাটো আছিল এটা অপৰাধ।
নিজা ধৰ্ম প্ৰতিষ্ঠা

মাৰাডোনাই ১৯৯৮ চনত প্ৰতিষ্ঠা কৰিছিল তেওঁৰ এক নিজা ধৰ্ম। ইগ্লছিয়া মাৰাডোনিয়ানা নামৰ মাৰাডোনাৰ ধৰ্মৰ আছে এটা গীৰ্জা। এই ধৰ্মৰ লগত ১,২০,০০০ লোক জৰিত হৈ আছি বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছিল। নিজা ধৰ্ম প্ৰতিষ্ঠা কৰি মাৰাডোনা বিতৰ্কিত হৈ পৰিছিল।
হেণ্ড অফ গড

মাৰাডোনাৰ এই বিতৰ্ক বিশ্বৰ প্ৰতিজন ফুটবল প্ৰেমিৰে হয়তো পৰিচিত। ১৯৮৬ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত আৰ্জেণ্টিনাৰ মেচখনত মাৰাডোনাই হেডৰ জৰিয়তে গলটো দিছিল। অভিযোগ অনুসৰি মাৰাডোনাই সেই গলটো মূৰৰ পৰিবৰ্তে হাতৰ জৰিয়তেহে দিছিল। ইয়াৰ পিছতেই এই গলটো হেণ্ড অফ গড নামেৰে জনপ্ৰিয় হৈ পৰিছিল।