Tuesday, October 4, 2022
HomeNewsঅসহায় জনলৈ সহায়ৰ হাত মাৰাডোনাৰ

অসহায় জনলৈ সহায়ৰ হাত মাৰাডোনাৰ

olympiasports.in

কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ সহায়ৰ হাত আগবঢ়াইছে বিশ্ব ফুটবলৰ জীৱন্ত কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাই ৷ প্ৰাক্তন তাৰকা ফুটবলাৰ গৰাকীয়ে নিজৰ এসময়ৰ জাৰ্ছী নিলাম কৰি অসহায় লোকসললৈ সহায়ৰ হাত আগবঢ়াইছে।

মাৰাডোনাই ১৯৮৬ৰ বিশ্বকাপ প্ৰতিযোগিতাত আর্জেণ্টিনাৰ হৈ খিতাপ জয় কৰাৰ সময়ত যিটো জাৰ্ছী পৰিধান কৰিছিল সেই জাতীয় দলৰ জার্ছীটো মাৰাডোনাই এক স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে নিলাম কৰি কৰ’না ভাইৰাছত প্রভাৱিত বুয়েনাছ আয়ার্ছৰ অভাৱগ্রস্ত লোকসকলক সহায় কৰে৷

জার্ছী নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশিৰে প্ৰাক্তন তাৰকা ফুটবলাৰগৰাকীয়ে বুয়েনাছ আয়ার্ছৰ অভাৱগ্রস্ত লোকসকলৰ মাজত খাদ্য সামগ্রী, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণত ব্যৱহাৰ কৰে৷ মাৰাডোনাৰ এই কাৰ্যক এতিয়া ভূয়সী প্ৰশংসা কৰিছে বুয়েনাছ আয়াৰ্ছৰ লোকসকলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments