টকিঅ’ অলিম্পিকৰ বৃহৎ অঘটন; কলম্বিয়াৰ প্ৰতিদ্বন্দীৰ হাতত পৰাস্ত মেৰীকম

অলিম্পিক প্ৰতিবেদন

টকিঅ’ অলিম্পিকৰ বৃহৎ অঘটন। অলিম্পিকৰ পৰা বিদায় মাগিলে ভাৰতৰ পদকৰ অন্যতম দাবীদাৰ মেৰীকমে। বৃহস্পতিবাৰৰ দিনটোত বহুকেইগৰাকী ভাৰতীয় খেলুৱৈয়ে লাভ কৰা সফলতাৰ পিছত দিনটোৰ শেষত বেয়া খবৰৰ ৰূপত আহে মেৰীকমৰ অলিম্পিকৰ পৰা বিদায়ৰ খবৰ।

মহিলাৰ ফ্লাইৱেইট শাখাৰ ৰাউণ্ড অৱ ১৬ত কলম্বিয়াৰ প্ৰতিদ্বন্দীৰ হাতত পৰাজয় স্বীকাৰ কৰে ভাৰতৰ অন্যতম মেডেলপ্ৰত্যাশী বক্সাৰগৰাকীয়ে। প্রতিপক্ষ ইনগ্ৰিট ভেলেঞ্চিয়াৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয় ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকম। ইয়াৰ লগে লগে টকিঅ’ত সামৰণি পৰিল মেৰীকমৰ পদক অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *