Monday, October 3, 2022
HomeNewsচিৰাঙত অবিভক্ত গোৱালপাৰা জিলা ভিত্তিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ

চিৰাঙত অবিভক্ত গোৱালপাৰা জিলা ভিত্তিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

চিৰাং জিলা মাষ্টাৰ্ছ এথলেটিক সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰথম অবিভক্ত গোৱালপাৰা জিলা ভিত্তিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা । জিলা সদৰ কাজলগাঁৱৰ উদাংশ্ৰীনী আলাৰী প্ৰেমসিং ব্ৰহ্ম ক্ৰীড়া প্ৰকল্পত আৰম্ভ হোৱা এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে ৷ এই উপলক্ষে অবিভক্ত গোৱালপাৰা জিলা মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সভাপতি ডাঃ ৰবিৰাম ওৱাৰীয়ে মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ প্ৰতিযোগিতাত যোগদান কৰা কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ আৰু গোৱালপাৰা জিলা সমিতিৰ পতাকাসমূহ উত্তোলন কৰা হয় ৷ ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে চিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ মুখ্য অতিথি বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে বি টি আৰৰ পাঁচ জিলাৰ গ্ৰামাঞ্চলত
ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ কৰি গ্ৰাম্যাঞ্চলৰ
ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে বি‌ টি চি প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিছে বুলি মত ব্যক্ত কৰে ৷ লগতে প্ৰবীণ এথলীটসকলক নিজা নিজা অঞ্চলত
উদীয়মান খেলুৱৈসকলক সহায় কৰিবলৈ আহ্বান জনায় ৷ উদ্বোধনী অনুষ্ঠানত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বি টি চি ৰ ক্ৰীড়া বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা ভাৰপ্ৰাপ্ত চিৰাং জিলা ক্ৰীড়া বিষয়া জ্যোস্নাৱতী
বসুমতাৰী, সদৌ অসম মাষ্টাৰ্ছ এথলেটিক
সন্থাৰ কাৰ্যকৰী সভাপতি মাগুৰাম বালাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ
সভাপতি সুকুমাৰ বসুমতাৰী, অবিভক্ত গোৱালপাৰা জিলা মাষ্টাৰ্ছ এথলেটিক
সহ ভালে সংখ্যক অতিথি ৰূপে উপস্থিত থাকে ৷ ২৭ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া প্ৰতিযোগিতাত পুুুুৰুষ- মহিলা উভয়ৰে ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ, ১৫০০ মিটাৰ আৰু ৫০০০ মিটাৰ দৌৰৰ উপৰি লং জাম্প, হাই জাম্প, ট্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, ৫০০০ মিটাৰ খোজ কঢ়া আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাত বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কোকৰাঝাৰৰ প্ৰায় দুশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি চিৰাং জিলা মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সভাপতি চিনেন বসুমতাৰী আৰু আয়োজক সমিতিৰ আহ্বায়ক চন্দ্ৰকান্ত ব্ৰহ্ম নাৰ্জাৰীয়ে জানিবলৈ দিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments