Monday, October 3, 2022
HomeNewsক্ৰিকেট: মেচ ৰেফাৰী পিতৃয়ে পুত্ৰক বিহিলে জৰিমনা

ক্ৰিকেট: মেচ ৰেফাৰী পিতৃয়ে পুত্ৰক বিহিলে জৰিমনা

অলিম্পিয়া বার্তা

ক্ৰিকেটৰ পথাৰত এইবাৰ সংঘটিত হৈছে আমোদজনক ঘটনা। মেচ ৰেফাৰী পিতৃয়ে পুত্ৰক বিহিলে জৰিমনা। এই আমোদজনক ঘটনা সংঘটিত হৈছে পাকিস্তান আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাত।

শৃংখলাৰ প্ৰথম টেষ্টত পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডে ৩ উইকেটত এক বিজয় সাব্যস্ত কৰিছে ৷ এই মেচখনতে সংঘটিত হৈছে আমোদজনক ঘটনাটো।

ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰ’ডৰ পিতৃ ক্ৰিছ ব্ৰ’ড এই মেচখনৰ মেচ ৰেফাৰী আছিল ৷ কৰ’না ভাইৰাছৰ সংক্ৰামনৰ সময়তে বায়’ প্ৰট’কল নিয়ম পালন কৰি ইংলেণ্ডৰে আম্পায়াৰক মেচখনত নিযুক্ত কৰা হৈছে, যিহেতু মেচ ইংলেণ্ডতে চলি আছে ৷

এই মেচখনতে দেউতাক ক্ৰিছ ব্ৰ’ডে পুত্ৰ ষ্টুৱাৰ্ট ব্ৰ’ডক আচৰণবিধি ভংগৰ অভিযোগত জৰিমনা বিহিছে ৷ কাৰণ মেচখনৰ ৪৬ অভাৰত ষ্টুৱাৰ্ট ব্ৰ’ডে য়াছিৰ শ্বাহৰ বিপক্ষে বেয়া ব্যৱহাৰ প্ৰদৰ্শন কৰে ৷ যাৰ বাবে মেচ শেষ হোৱাৰ পিছতে আই চি চিৰ নিয়ম অনুসৰি মেচ ৰেফাৰী ক্ৰিছ ব্ৰ’ডে ষ্টুৱাৰ্ট ব্ৰ’ডৰ মেচ ফীৰ ১৫ শতাংশ জৰিমনা হিচাপে কৰ্তন কৰে ৷ এই ঘটনাই এই ক্ৰীড়া অনুৰাগীৰ মাজত আমোদ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments