Tuesday, October 4, 2022
HomeNewsক'ৰনাক পৰাজয় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্ব ক্ৰীড়াৰ কেইবাজনো তাৰকা ক্ৰীড়াবিদ :

ক’ৰনাক পৰাজয় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্ব ক্ৰীড়াৰ কেইবাজনো তাৰকা ক্ৰীড়াবিদ :

পিছপৰি থকা নাই চুবুৰীয়া বাংলাদেশৰ ক্ৰিকেটাৰো

olympiasports.in

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বৰ কেইবাজনো জনপ্ৰিয় ক্ৰীড়াবিদ আগবাঢ়ি আহিছে। এইসকল মহান ক্ৰীড়াবিদে নিজ নিজ দেশলৈ ক’ৰনা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ আগবঢ়াইছে আৰ্থিক সাহাৰ্য।
বিশ্ব ফুটবলৰ তাৰকা ফুটবলাৰ লায়নেল মেছিয়ে বাৰ্চিলোনাৰ হাস্পতাল ক্লিনিক আৰু আৰ্জেণ্টিনাৰ মেডিকেল চেণ্টাৰত ক’ৰনা।ভাইৰাছৰ বাবে খৰচ কৰিবলৈ এক নিযুত ধন আগবঢ়াইছে। একেদৰে বিশ্ব ফুটবলৰ আন এজন তাৰকা ৰ’নাল্ডোও আগবাঢ়ি আহিছে নিজৰ দেশক বিপদৰ সময়ত সহায় কৰিবলৈ। ৰ’নাল্ডোৱে পুৰ্তুগীজৰ চিকিৎসালয়লৈ তিনিটা ইনটেনছিভ কেয়াৰ ইউনিট আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰ’নাল্ডোৱে ইউনিভাৰ্চিটি হাস্পতাল চেণ্টাৰ অব নৰ্ডান লিছবনলৈ দহখনকৈ বিচনাযুক্ত ইনটেনছিভ কেয়াৰ ইউনিট আগবঢ়াব। ইয়াৰ উপৰিও মানচেষ্টাৰ চিটীৰ মেনেজাৰপেপ গুৱাৰডিঅ’গায়ো এক নিযুত ধন নিজৰ দেশলৈ এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে।

টেনিছ জগতৰ তাৰকা খেলুৱৈ ছুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডাৰাৰক কোনে নাজানে! এইগৰাকী টেনিছ তাৰকাও এতিয়া পিছপৰি থকা নাই। ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে নিজ দেশে চলাই নিয়া সংগ্ৰামখনৰ অন্যতম যুদ্ধা হৈ পৰিছে ৰ’জাৰ ফেডাৰাৰ। ফেডাৰাৰক সহযোগ কৰিছে তেওঁৰ পত্নী মিৰ্কাই। ফেডাৰাৰ আৰু তেওঁৰ পত্নীয়ে ছুইজাৰলেণ্ডৰ চৰকাৰলৈ আগবঢ়াইছে এক নিযুত ছুইছ ফ্ৰা‌ংক। ভাৰতীয় টকাৰ হিচাপত যাৰ পৰিমাণ প্ৰায় ৭.৭০ কোটি টকা। ফেডাৰাৰে নিজ দেশলৈ এই ধন আগবঢ়াইছে কৈছে ‘এয়া প্ৰত্যকৰ বাবে প্ৰত্যাহ্বানজনক সময়। কোনো পিছপৰি থকা উচিত নহ’ব।ছুইজাৰলেণ্ডৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে এক নিযুত ছুইছ ফ্ৰাংক দান কৰিবলৈ মিৰ্কা আৰু মই ব্যক্তিগতভাৱে সিদ্ধান্ত লৈছোঁ। আমাৰ অৱদান মাত্ৰ আৰম্ভ হৈছে। আশা কৰোঁ পৰিয়াল সমূহক সহায় কৰিবলৈ আন বহু জন আগবাঢ়ি আহিব।আমি সকলোৱে এক হৈ এই সংকট অতিক্ৰম কৰিব পাৰিম। সু-স্বাস্থ্যৰে থাকক।

আনহাতে চুবুৰীয়া দেশ বাংলাদেশৰ ক্ৰিকেটাৰ সকলেও দেশখনে ক’ৰনাৰ বিৰুদ্ধে চলোৱা যুঁজখনলৈ সহায়ৰ হাত আগবঢ়াইছে। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ লগত চুক্তিবদ্ধ হৈ থকা ১৭ গৰাকী ক্ৰিকেটাৰে নিজৰ আধা মাহৰ দৰমহা দেশখনৰ চৰকাৰলৈ আগবঢ়াব। চুক্তিবদ্ধ ১৭ জন ক্ৰিকেটাৰৰ উপৰিও আন ১০ জন ক্ৰিকেটাৰো বাংলাদেশৰ জাতীয় দলটোৰ লগত সংযুক্ত হৈ আছিল। এই ১০ ক্ৰিকেটাৰৰ লগতে চুক্তিবদ্ধ ১৭ জন ক্ৰিকেটাৰ মিলি মুঠ ২৭ জন ক্ৰিকেটাৰে দেশখনৰ চৰকাৰলৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। এক বিবৃতিৰ জৰিয়তে বাংলাদেশৰ ক্ৰিকেটাৰসকলে জনাইছে যে তেওঁলোকৰ এই আৰ্থিক সাহাৰ্য দেশখনৰ বাবে পৰ্যাপ্ত নহয়। কিন্তু সকলোৱে মিলি সহায়ৰ হাত আগবঢ়ালে সেয়া হ’ব ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখনৰ বাবে এক বৃহৎ অৰিহণা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments