মেছি নে নেইমাৰ ? ফুটবল বিশ্বত উত্তেজনা আৰম্ভ

কোপা আমেৰিকাৰ ফাইনেল৷ সমূখসমৰত মেছিৰ আৰ্জেণ্টিনা আৰু নেইমাৰৰ ব্ৰাজিল৷ বিশ্ব ফুটবল প্ৰেমীৰ বাবে ইয়াতকৈ আৰু আকৰ্ষণীয় কথা আৰু কি হ’ব পাৰে৷ খিতাপ দখলৰ যুঁজত অৱত্তীৰ্ণ হ’ব দুই দল৷ ফুটবল বিশ্বত ইতিমধ্যে উত্তেজনা আৰম্ভ৷ সুদীৰ্ঘ ১৪ বছৰৰ পিছত কোনো বৃহৎ টুৰ্ণামেণ্টত মূখামুখী হৈছে ব্ৰাজিল- আৰ্জেণ্টিনা৷ ২০০৭ কোপা আমেৰিকাৰ ফাইনেলত মূখামূখী হৈছিল ফুটবল বিশ্বৰ এই দুই চিৰপ্ৰতিদ্বন্দ্বী৷ সেইবাৰ ৩-ঙ্ম গ’লত ব্ৰাজিলে পৰাস্ত কৰিছিল আৰ্জেণ্টিনাক৷ ২০১৯ তো ২-ঙ্ম গলত আৰ্জেণ্টিনাক পৰাস্ত কৰিছিল ব্ৰাজিলে৷ দুবাৰৰ বিশ্বকাপ জয়ী আৰ্জেণ্টিনা আৰু পাঁচবাৰৰ বিশ্বকাপ জয়ী ব্ৰাজিল৷ বিশ্বকাপত আগবাঢ়ি থাকিলেও কোপা আমেৰিকাত খিতাপ দখলৰ যুঁজত আগবাঢ়ি আছে আৰ্জেণ্টিনা৷ এতিয়ালৈ ১৪ বাৰ কোপা আমেৰিকাৰ খিতাপ দখল কৰিছে আৰ্জেণ্টিনাই৷ জ্ঝ বাৰ খিতাপ দখল কৰিছে ব্ৰাজিলে৷ দেওবাৰে অনুষ্ঠিত হ’ব এই কোপা আমেৰিকাৰ উত্তেজনাপূৰ্ণ ফাইনেলখন৷ অধীৰ অপেক্ষাত বিশ্বৰ ফুটবল প্ৰেমী৷

Leave a Reply

Your email address will not be published. Required fields are marked *