Thursday, September 29, 2022
HomeNewsনতুন ঠিকনা ফুটবল তাৰকা মেছিৰ

নতুন ঠিকনা ফুটবল তাৰকা মেছিৰ

অলিম্পিয়া প্ৰতিবেদন

কোটি কোটি জনতাৰ নয়নৰ মণি ফুটবল তাৰকা লিয়নেল মেছি। আন্তঃৰাষ্ট্ৰীয় খেলৰ পৃথিৱীত দুভৰিৰ যাদুৰে মোহাচ্চন্ন কৰি ৰাখে ফুটবল প্ৰেমী জনতাক। এইগৰাকী তাৰকাৰ ক্লাব ফুটবলৰ বৰ্তমানৰ ঠিকনা সলনি হ’ল। পূৰ্বে বাৰ্চিলোনা ক্লাবৰ হৈ খেলত অৱতীৰ্ণ হৈছিল আৰ্জেন্টাইন তাৰকাগৰাকীয়ে। আনুষ্ঠানিক ভাৱে বাৰ্চিলোনা পৰা বিদায় লোৱা মুহুৰ্তত চকুৰ লোতক বৈছিল তাৰকাগৰাকীৰ। এই ক্লাবৰ পৰা বিদায়ৰ পাছত বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মাজত তীব্ৰ উৎকন্ঠাই বিৰাজ কৰিছিল যে আগন্তুক সময়ত মেছিয়ে কোন ক্লাবৰ হৈ খেলিব? অৱশেষত জল্পনা -কল্পনাৰ অন্ত পেলাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ল ক্লাবৰ নাম।

প্যাৰিছ ছেন্ট জাৰ্মেইনৰে সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে মেছি। মঙলবাৰে ক্লাবটোত উপস্থিত হয় ফুটবল তাৰকাগৰাকী,ইয়াৰ পাছতে কৰা হয় বহু আকাংক্ষিত ঘোষণাটো।জানিব পৰা মতে, এটা বছৰত ৩৫মিলিয়ন ইউৰোত চুক্তিবদ্ধ হল লিয়নেল মেছি। ইয়াৰোপৰি, মেছিক বিশ্ববাসায়ে দেখা পাব নতুন জাৰ্ছি নম্বৰত।
২১ টা বছৰৰ খেল পৰিক্ৰমাত বাৰ্চিলোনাৰ হৈ খেলিছিল আৰ্জেন্টিনাৰ অধিনায়ক জনে। সকলোৱে দেখা পাইছিল মেছিক ১০ নম্বৰ জাৰ্ছিত। পিছে এইবাৰ ফুটবল তাৰকাগৰাকীক দেখা যাব ৩০নম্বৰ জাৰ্ছিত।

ক্লাব সলনি হলেও পুনৰ মেছিৰ সেই দুভৰিৰ যাদু প্ৰত্যক্ষ কৰিবলৈ উৎকন্ঠিত বিশ্বৰ ফুটবল প্ৰেমী জনতা। যত থাকে ফুটবলৰ উন্মাদনা, উপভোগ কৰিব পাৰে এক ৰোমাঞ্চকৰ খেল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments