মেছিৰ শতবৰ্ষীয় ভক্ত

বিজ্ঞান তথ্য প্ৰযুক্তিৰ এই যুগত এতিয়া প্ৰায় সকলো বস্তুৱেই হাতৰ মুঠিত৷ মানুহে এতিয়া হাতৰ মুঠিতে থকা মোবাইলত খেল চাই বেছি ভাল পায়৷ তদুপৰি টেলিভিছন, কম্পিউটাৰটো আছেই৷ গোটেই সময় খিনি খেল চাবলৈ নেপালেও হাইলাইট চায়ো খেলৰ খবৰ ৰাখে৷ কিন্তু পৃথিৱীত এনে কিছু ক্ৰীড়া অনুৰাগী আছে যি ইণ্টাৰনেট সহজলভ্য হোৱা আগৰে পৰাই বিভিন্ন খেলৰ তথ্য সংগ্ৰহৰ প্ৰতি আগ্ৰহী৷ ডায়েৰীৰ পাতত তেওঁলোকে সঘতনে টুকি ৰাখে খেল সম্পৰ্কীয় বিভিন্ন বা-বাতৰি৷ আৰ্জেণ্টাইনৰ এক ক্ৰীড়া সংবাদ প্ৰতিষ্ঠানে শেহতীয়াকৈ এনে এগৰাকী ক্ৰীড়ানুৰাগীৰ বাতৰিকেই প্ৰকাশ কৰিছে৷ আৰ্জেণ্টিনাৰ ফুটবলাৰ লায়নেল মেছিৰ ভক্ত তেওঁ৷ যোৱা সোমবাৰে এই পৃথিৱীত তেওঁ এশ বছৰ সম্পূৰ্ণ কৰিলে৷ নাম ডন হেৰনান৷ মেছিৰ হাতত কেপা আমেৰিকাৰ ট্ৰফী দেখি খুৱেই আনন্দিত তেওঁ৷ ইণ্টাৰনেটৰ সৈতে তেওঁৰ পৰিচয় আছে যদি ব্যৱহাৰৰ প্ৰতি ইমান আগ্ৰহী নহয়৷ সেয়ে নিজে সংগ্ৰহ কৰিব নোৱাৰা তথ্যখিনি নাতি-নাতিনীৰ জৰিয়তে সংগ্ৰহ কৰি ডায়েৰীৰ পাতত টুকি ৰাখে৷ মেছিয়ে বাৰ্চিলোনাৰ হৈ কিমান গল কৰিলে৷ আৰ্জেণ্টিনাৰ হৈ কেতিয়া কিমান গল কৰিলে৷ তদুপৰি মেছিয়ে কেৰিয়াৰত এতিয়ালৈ কি কি সফলতা লাভ কৰিছে সেয়া হেৰনানৰ ডায়েৰীত লিপিবদ্ধ৷ হেৰনানৰ নাতি হুলিয়ান মাস্ত্ৰাগেলোৱে শেহতীয়াকৈ ককাকৰ এই মেছি প্ৰীতিৰ কথা সামাজিক মাধ্যম যোগে সদৰী কৰিছে৷ এই বৰ্ষীয়ান ভক্তৰ কথা যে মেছিয়ে গম পোৱা নাই এনে নহয়৷
ভিডিঅ’ বাৰ্তাৰ জৰিয়তে মেছিয়ে খবৰ লৈছে তেওঁৰ ভক্তৰ৷ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছে৷ মেছিৰ ভিডিঅ বাৰ্তা পাই আবেগত কান্দি পেলাইছিল ককাক- নাতি দুয়ো৷ হেৰনানে প্ৰথমে বিশ্বাসেই কৰিব পৰা নাছিল৷ নাতিয়ে বাৰম্বাৰ বুজোৱাৰ পিছতহে তেওঁৰ বিশ্বাস হয় যে ভিডিঅ’টো মেছিৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *