Friday, September 30, 2022
HomeNews"বাহিৰ হোৱা,ইয়াত তোমাৰ প্ৰৱেশৰ অধিকাৰ নাই৷”

“বাহিৰ হোৱা,ইয়াত তোমাৰ প্ৰৱেশৰ অধিকাৰ নাই৷”

অলিম্পিয়া প্রতিবেদন

এখন সাধাৰণ ছবি৷ সামাজিক মাধ্যমৰ বিশাল জগতখনত এনেধৰণৰ ছবি খুব দুষ্প্ৰাপ্য নহয়৷ কিন্তু সাম্প্ৰতি তেনে এখন সাধাৰণ ছবি এখনে তোলপাল লগাইছে ইণ্টাৰনেটৰ জগতত৷ টুইটাৰৰ এই ছবিখন আপলোড কৰিছিল জাৰ্মান মিড্‌ ফিলডাৰ তথা আৰ্ছেনালৰ তাৰকা মেছুট অ’ঝিলে৷

সামাজিক মাধ্যমত খুবেই সক্ৰিয় অ’ঝিলে খেল পথাৰৰ বাহিৰৰ ভিতৰৰ বিভিন্ন সময়ৰ ছবি সমূহ প্ৰায় প্ৰতিদিনেই আপলোড কৰে৷ খেলৰ বিভিন্ন মূহুৰ্ত, পৰিয়ালৰ সৈতে সময় পাৰ কৰা, নিজৰ বিভিন্ন ভাল লগা মূহুৰ্ত আদি বহুতো৷ তেওঁৰ প্ৰতিটো প’ষ্টেই আকৰ্ষণীয় কিন্তু অ’ঝিলে শেহতীয়াকৈ আপলোড কৰা এখন ছবিয়ে তেওঁৰ অনুৰাগী সকলক আচৰিত কৰিছে৷

ছবিখনত নাই মেছুত অ’ঝিল কিন্তু এই ছবিখনৰ জৰিয়তে এক বিশেষ বাৰ্তাৰ বিশ্ববাসীৰ বাবে এৰি দিছে৷ ছবিখনত এজন অস্ত্ৰ শস্ত্ৰৰে সজ্জিত সৈনিকক ফুটবলৰ ৰঙা কাৰ্ড দেখুৱাইছে এটি শিশুৱে৷ সৈনিকজন যে ইজৰাইলৰ সেই কথা জনাত কাৰো অসুবিধা হোৱা নাই৷ কাৰণ বিগত সময়ছোৱাত টেলিভিছন নতুবা সামাজিক মাধ্যমত সকলোৱেই প্ৰত্যক্ষ কৰিছে সেই পোচাকৰ গৰাকীক৷ ফুটবলত ৰঙা কাৰ্ডৰ অৰ্থ স্পষ্ট৷ খেলপথাৰত তোমাৰ আৰু কোনো অধিকাৰ নাই৷ তুমি বাহিৰ হোৱা৷ যুদ্ধৰ বাবে প্ৰস্তুত সৈনিকজনৰ সন্মুখত নিবিঘ্নে থিয় হৈ আছে শিশুটি৷ শিশুটিৰ পিন্ধনত এটি ফুটবলৰ জাৰ্ছি৷ তাত নাম লিখা আছে অ’ঝিল৷ জাৰ্ছিৰ ৰং কলা আৰু ২৩ নম্বৰ৷ ৰিয়েল মাদ্ৰিছত খেলাৰ সময়ত ২৩ নম্বৰ জাৰ্ছি পিন্ধিছিল অ’ঝিলে৷

অ’ঝিলৰ পোচাক পিন্ধি এদিন অ’ঝিলৰ দৰে হোৱাৰ সপোন দেখা সেই শিশুটিয়ে এহাতে ফুটবল ধৰি আছে আৰু আন হাতে ফুটবল ধৰি আছে আৰু আনখন হাতে ৰঙা কাৰ্ড দেখুৱাই নিবিঘ্নে থিয় হৈ আছে উন্মাদ যোদ্ধাজনৰ সন্মুখত৷ বাৰ্তা স্পষ্ট- বাহিৰ হোৱা ইয়াত তোমাৰ প্ৰৱেশৰ অধিকাৰ নাই৷ পেলেষ্টাইনত ইজৰাইলী আক্ৰমণৰ বিৰুদ্ধে নিজৰ অনুভৱ এই অভিনক উপায়েৰে জনাইছে অ’ঝিলে৷ অ’ঝিলৰ এই বাৰ্তা বুজিবলৈ কাৰো অসুবিধা হোৱা নাই৷ অ’ঝিলৰ এই অভিনৱ প্ৰতিবাদে ব্যাপক সঁহাৰি পাইছে ছচিয়েল মিডিয়াত৷

উল্লেখ্য যে পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ এই বব¸ৰ্ৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে ফুটবল বিশ্বত৷ ইতিমধ্যে ইণ্টাৰ মিলানৰ আছৰাফ হাকিমি, ব্ৰয়ান মিনেনিখৰ আনফেনছো ডেভিছ, ৰিয়েল মাডিদৰ নুৰি ছাহিন, লিভগৰ পুলৰ মহম্মদ ছালাহৰ ওপৰিও মেমে থিয়াম, পল ণগবা, আদিয়েও পেলেষ্টাইনৰ ওপৰত ইজৰাইলী আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ জনাইছে৷ এই আক্ৰমণে এতিয়ালৈ প্ৰাণ লৈছে শিশুসহ ১১৫ গৰাকী লোকৰ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments