অলিম্পিয়া প্ৰতিবেদন
শুক্ৰবাৰে অষ্ট্ৰেলিয়াৰ হাতত ৬৬ ৰানৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে ভাৰতীয় দলটোৱে। অষ্ট্ৰেলিয়াৰ এই জয়ৰ আঁৰত তিনিজন ক্ৰিকেটাৰৰ অৱদান আছিল উল্লেখযোগ্য। এৰন ফিন্স, ষ্টিভ স্মিথ আৰু মেক্সৱেলে গঢ় দিছিল অষ্ট্ৰেলিয়াৰ ৩৭৪ ৰানৰ সেই বিশাল ইনিংছটো।
আই পি এল সমাপ্ত কৰিয়েই এনেদৰে নিজৰ জাতীয় দলৰ হৈ উজলি উঠে ক্ৰিকেটাৰকেইগৰাকী। ফিন্সক বাদ দি আই পি এলত প্ৰদৰ্শন সন্তোষজনক নাছিল স্মিথ আৰু মেক্সৱেলৰ। বিশেষকৈ মেক্সৱেলৰ বাবে বিগত আই পি এল আছিল যথেষ্ট হতাশজনক। দলে বাৰম্বাৰ তেওঁৰ ওপৰত ভৰসা কৰাৰ পিছতো মৌন আছিল মেক্সৱেলৰ বেট। কিন্তু ভাৰতৰ বিপক্ষে প্ৰথমখন এদিনীয়াতে কেৱল ১৯ টা বলত ৪৫ ৰান কৰি এতিয়া ইণ্টাৰনেটত ট্ৰলৰ সন্মুখীন হৈছে ক্ৰিকেটাৰগৰাকী।
বিস্ফোৰক ইনিংছটোৰ পিছত বহুতেই বিভিন্ন মিম তৈয়াৰ কৰি ক্ৰিকেটাৰগৰাকীক সোঁৱৰাই দিছে তেওঁৰ কিংছ ইলেভেন পঞ্জাৱৰ হৈ কৰা হতাশজনক প্ৰদৰ্শনৰ কথা। ইপিনে কিংছ ইলেভেন পঞ্জাৱৰে আন এগৰাকী খেলুৱৈ নিউজিলেণ্ডৰ জিমি নিশ্বামেও আই পি এলৰ ব্যৰ্থতাৰ পিছত ঘূৰাই পাইছে স্বাভাৱিক ছন্দ। ইণ্টাৰনেটত জিমিও সন্মুখীন হৈছে ব্যাপক ট্ৰলৰ।
সেই ট্ৰলৰে উত্তৰ দিবলৈ গৈ জিমি নিশ্বামে এটা পোষ্টত টেগ কৰে মেক্সৱেলক। মেক্সৱেলেও সেই ট্ৰলৰ প্ৰত্যুত্তৰত কিংছ ইলেভেন পঞ্জাৱৰ অনুৰাগীসকলক উদ্দেশ্যি কয় যে তেওঁ বেটিং কৰি থাকোতে সেয়ে কে এল ৰাহুলক ক্ষমা খুজিছে।
উল্লেখযোগ্য যে, কে এল ৰাহুলৰ নেতৃত্বতে কিংছ ইলেভেন পঞ্জাৱৰ হৈ আই পি এল খেলিছিল মেক্সৱেলে। দলটোৱে তেওঁক ১০.৭৫ কোটি টকাৰ বিশাল ধনৰাশিৰ বিনিময়ত ক্ৰয় কৰিছিল। কিন্তু বিগত আই পি এলত চূড়ান্তভাৱে ব্যৰ্থ হয় ক্ৰিকেটাৰগৰাকী। আনকি ক্ৰিকেটাৰগৰাকীৰ বেটৰ পৰা এটা ছয়ো ওলোৱা নাছিল এইবাৰৰ আই পি এলত।