Friday, September 30, 2022
HomeNewsকেনে আছে মাইকেল শ্বুমাখাৰ?

কেনে আছে মাইকেল শ্বুমাখাৰ?

olympiasports.in

ফৰ্মূলা ৱান ৰেচিঙৰ এসময়ৰ একছত্রী সম্ৰাটজন আজি কেনে পৰিস্থিতিত আছে অনুৰাগীসকলৰ মাজত সেই কথা জনাৰ উৎসুকতা সদায়েই আছে। সাতটাকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ খিতাপ, ৰেকৰ্ডসংখ্যক গ্ৰেণ্ড প্রি খিতাপৰ অধিকাৰী, এটা ছীজনতে আটাইতকৈ বেছি ৰেচ জয় আদিৰ দৰে ৰেকৰ্ড গঢ়া মাইকেল যোৱা কেইবাটাও বছৰৰ পৰা লোকচক্ষুৰ আঁতৰত। ২০১৩ চনৰ ডিচেম্বৰৰ এটা অভিশপ্ত দিনত কাৰ চালনাৰ দশকজোৰা অভিজ্ঞতাৰে পুষ্ট চালকজনৰ জীৱনৰ গতিত যেন সাময়িক বিৰতি আহি পৰিল।

২০১৩ চনৰ ডিচেম্বৰৰ কোনোবা এটা দিন। ফ্ৰান্সৰ মেৰিবেল স্কাই ৰিজৰ্টত মাইকেল স্কাইকিঙত ব্যস্ত আছিল নিজ পৰিয়ালৰ সৈতে। ৰেচিঙৰ পৰা অৱসৰ লৈ পৰিয়ালৰ সৈতে সময় কটোৱাৰ এক সুখৰ মুহূৰ্ত আছিল সেয়া। মাইকেল চৈধ্য বছৰীয়া পুত্ৰ মিকক লগত লৈ স্কায়িং ট্ৰেকত মনোৰঞ্জনত ব্যস্ত। তেনেতে ঘটিল অঘটনটো।।সাতবাৰকৈ ফৰ্মূলা ৱানৰ চেম্পিয়নজনে এটা শিলত গৈ খুন্দা মাৰিলেগৈ। তাৰ পাছতে তেওঁৰ জীৱনৰ গতিপথে ললে এক ইউ টাৰ্ন। মগজুত পোৱা আঘাতে ক’মালৈ লৈ গ’ল মাইকেলক। প্ৰায় ছমাহ ধৰি ক’মাত থকাৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ পুনৰ ৰিহেবিলিটেছনৰ বাবে ইউনিভাৰ্চিটি অৱ লষ্টেনত ভালেমান দিন কটোৱাৰ পিছত শ্বগৃহলৈ প্ৰেৰণ কৰা হয় শ্বুমাখাৰক।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পাঁচোটাকৈ বছৰ পৰিয়ালৰ লোকে শ্বুমাখাৰক সংবাদ মাধ্যমৰ দৃষ্টিৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই ৰাখে। বিশ্বৰ বহু আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে মাইকেলৰ শুং সূত্ৰ বিচাৰি উলিয়াবলৈ আজিও চেষ্টা অব্যাহত ৰাখিছে। এটা বিশেষ সূত্ৰ অনুসৰি বৰ্তমান লেক জেনেভাৰ পাৰৰ এক সুবিশাল অট্টালিকাত জীৱন কটাই আছে শ্বুমাখাৰে। এতিয়াও স্বাভাৱিক জীৱন লাভ কৰা নাই এসময়ৰ ৰেচাৰজনে। পৰিয়ালটোৱে মাইকেলক বিশেষ শুশ্ৰূষাৰে আৱৰি ৰাখিছে। পাৰ্যমানে মিডিয়াৰ পৰাও আঁতৰাই ৰাখিছে। সেয়ে ইয়াতকৈ বেছি শ্বুমাখাৰৰ বিষয়ে জানিবলৈ বিশ্বৰ মিডিয়াও সক্ষম হোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments