বৰ্ণ বৈষম্য বিৰোধী যুঁজলৈ মাইকেল জৰ্ডানে আগবঢ়াব ১০০ মিলিয়ন ডলাৰ

অলিম্পিয়া বাৰ্তা

কিম্বদন্তি বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডান আৰু দ্য জৰ্ডান ব্ৰেণ্ডে অহা দহ বছৰ পৰ্যন্ত বৰ্ণ সমানতা, সামাজিক ন্যায় তথা শিক্ষাক সকলোৰে বাবে উপলব্ধ কৰি তোলাৰ ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি অহা অনুষ্ঠানলৈ ১০০ মিলিয়ন ডলাৰৰ সাহাৰ্য্য আগবঢ়াব। আমেৰিকা যুক্তৰাষ্ট্ৰত সম্প্ৰতি চলি থকা ‘ব্লেক লাইভছ মেটাৰ’ শীৰ্ষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰিছে প্ৰাক্তন বাস্কেটবল খেলুৱৈজনে।

“ব্লেক লাইভছ মেটাৰ। এই কথাষাৰ বিতৰ্কিত নহয়। যেতিয়ালৈকে আমাৰ দেশত বৰ্ণ বৈষম্যৰ বাবে সংবিধান উলংঘনৰ দৰে ঘটনাৰ অন্ত নপৰে তেতিয়ালৈকে কৃষ্ণাংগসকলৰ অধিকাৰ ৰক্ষাৰ হকে আমি কাম কৰি যাব লাগিব। ” এটা বিবৃতিত এইদৰে উল্লেখ কৰে জৰ্ডান আৰু জৰ্ডান ব্ৰেণ্ডে।

“আজি আমি এই কথা ঘোষণা কৰোঁ যে জৰ্ডান আৰু জৰ্ডান ব্ৰেণ্ডে অহা দহ বছৰলৈ সামাজিক সমতা, বৰ্ণ সামঞ্জস্যতা তথা শিক্ষাৰ ওপৰত কাম কৰিবলৈ ইচ্ছুক অনুষ্ঠানক ১০০ মিলিয়ন ডলাৰৰ সাহাৰ্য্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।” জৰ্ডান আৰু জৰ্ডান ব্ৰেণ্ডে লগতে উল্লেখ কৰে।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত জৰ্জ ফ্লইড নামৰ কৃষ্ণাঙ্গ লোকজন পুলিচৰ হাতত নিধন হোৱাৰ ঘটনাৰ পিছত সমগ্ৰ দেশতে এতিয়া তীব্ৰ প্ৰতিবাদ হৈছে। পুলিচৰ কাষ্টদীত থাকোতেই জৰ্জ ফ্লইডক এগৰাকী আৰক্ষী বিষয়াই ভৰিৰে চেপি ধৰি থাকে। ফলত উশাহ ল’ব নোৱাৰি আৰক্ষী গৰাকীৰ হাততেই ফ্লইডৰ মৃত্যু হয়। বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন নোহোৱাকৈ এনেদৰে এগৰাকী ব্যক্তিৰ মৃত্যুৰ হোৱা ঘটনাৰ পিছতে এতিয়া দেশখনত পুনৰ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি উঠিছে।

মাইকেল জৰ্ডানেও যোৱা সপ্তাহত এই ঘটনাৰ প্ৰতিবাদ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে, ” মই গভীৰভাৱে ব্যধিত, দুঃখিত আৰু ক্ৰোধান্বিত হৈ পৰিছো।”

Leave a Reply

Your email address will not be published. Required fields are marked *