Sunday, October 2, 2022
HomeNewsবক্সিং ৰিঙলৈ পুনৰ ঘূৰি আহিব The Baddest Man On The Planet

বক্সিং ৰিঙলৈ পুনৰ ঘূৰি আহিব The Baddest Man On The Planet

অলিম্পিয়া বাৰ্তা

যাক জনা যায় ‘The Baddest Man on the Planet’ বুলি। তেওঁৰ সময়ৰ আটাইতকৈ বিখ্যাত বক্সাৰ আছিল তেওঁ। বক্সিঙৰ সকলো পৰিভাষা সলনি কৰি দিছিল যি। বিতৰ্কৰ মূল কেন্দ্ৰ বিন্দুত যাৰ নাম সঘনে পোৱা গৈছিল। মাইক টাইছন তেওঁৰ নাম। বক্সিং ৰিঙত নিজৰ আক্ৰমণাত্মক শৈলীৰ বাবে জনাজাত মাইক অপ্ৰতিৰোধ্য আছিল নিজৰ কেৰিয়াৰৰ সময়ছোৱাত।

৮০ দশকৰ শেষৰ ফালে প্ৰদৰ্শনত দুগুণ উৎসাহেৰে দপদপনি অব্যাহত ৰাখিছিল বিশ্ব বক্সিং ক্ষেত্ৰত। WBA, WBC আৰু IBF ৰ খিতাপ দখল কৰা তেওঁৰ সময়ৰ একমাত্র হেভিৱেইট বক্সাৰ আছিল তেওঁ। জীৱনৰ প্ৰথম ১৯ খন মেচ তেওঁ নকআউটৰে জয় লাভ কৰিছিল। ৯০ দশকৰ শেষৰফালে বক্সিং ক্ষেত্ৰখনত তেওঁৰ আধিপত্য হ্ৰাস পাবলৈ ধৰে আৰু অৱশেষত ২০০৫ চনত তেওঁ আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰে। এসময়ৰ বক্সিং ক্ষেত্ৰৰ সেই নিপুণ যোদ্ধাগৰাকীয়েই পুনৰ যুদ্ধ ক্ষেত্ৰলৈ ঘূৰি আহিব বিচাৰিছে। হয়, বহু যুঁজৰ নায়ক মাইক টাইছন ঘূৰি আহিবলৈ উদগ্ৰীৱ হৈ পৰিছে পুনৰ বক্সিং ৰিঙৰ মাজলৈ।


অহা ১২ ছেপ্টেম্বৰত বিশ্ববাসীয়ে উপভোগ কৰিবলৈ পাব মাইক টাইছনক বক্সিং ৰিঙৰ মাজত। মুখামুখি হ’বৰয় জ’নছ জুনিয়ৰৰ সৈতে। এখন আঠটা ৰাউণ্ডৰ প্ৰদৰ্শনীমূলক মেচ হ’ব সেইখন। অনুষ্ঠিত হ’ব ডিগনিটি হেলথ স্পৰ্টছ পাৰ্কত। অনুৰাগীসকলক ইতিমধ্যে প্ৰাক্তন হেভিৱেইট চেম্পিয়নজনে টুইটাৰত সেই বিষয়ে জানিবলৈ দিয়ে। মেচ খন Triller নামৰ মিউজিক প্লেটফৰ্মত সম্প্ৰচাৰিত হব। অনুৰাগীয়ে টকা পৰিশোধ কৰি সেই মেচ উপভোগ কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments