অলিম্পিয়া প্ৰতিবেদন
বৃহস্পতিবাৰে অন্ত পৰা ভাৰত ইংলেণ্ডৰ দ্বিতীয়খন টেষ্টত এক বিৰল অভিলেখৰ গৰাকী হ’ল ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ স্পীনাৰ ৰবিচন্দ্ৰণ অশ্বিন। কেৰিয়াৰৰ ৭৭ সংখ্যক টেষ্টত ৪০০ উইকেট দখল কৰি অশ্বিনে এই কৃতিত্ব অর্জন কৰা বিশ্বৰ ১৬ গৰাকী টেষ্ট বলাৰৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰে।
২০১১ চনত ৱেষ্টইণ্ডিজৰ বিপক্ষে অভিষেক ঘটা তামিলনাডুৰ স্পীনাৰগৰাকীয়ে বৃহস্পতিবাৰে ইংলেণ্ড-ভাৰতৰ তৃতীয় টেষ্টৰ দ্বিতীয় ইনিংছত বেন ষ্ট’কছ, অ’লি প’প আৰু জ’ফ্ৰা আৰ্চাৰৰ উইকেট দখল কৰি এই কৃতিত্বৰ অধিকাৰী হয়। ইয়াৰ লগে লগে ৪০০ উইকেট দখল কৰা বিশ্বৰ দ্বিতীয়গৰাকী দ্ৰুততম বলাৰ হৈ পৰে অশ্বিন।তেওঁৰ আগতে শ্ৰীলংকাৰ কিম্বদন্তি স্পীনাৰ মুথায়া মুৰুলিধনে কেৱল ৭২ খন টেষ্টতে এই কৃতিত্ব অর্জন কৰিছিল। তাৰোপৰি অশ্বিনেই হৈছে তেওঁৰ অভিষেকৰ দিন ধৰি সৰ্বাধিক উইকেট দখল কৰা টেষ্ট বলাৰ। এই তালিকাত তেওঁৰ পিছত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ স্পীনাৰ নাথান লিয়ন, ইংলেণ্ডৰ ষ্টুৱাৰ্ড ব্ৰড আৰু জেমছ এণ্ডাৰচন।
ইয়াৰ বাহিৰেও অশ্বিনৰ নামত আছে আৰু ভালেকেইটা টেষ্ট ৰেকৰ্ড। তেওঁ ৪০০ টেষ্ট উইকেট লাভ কৰা ভাৰতৰ চতুৰ্থগৰাকী বলাৰ। ভাৰতৰ হৈ ইতিপূৰ্বে এই কৃতিত্ব অর্জন কৰিছে অনিল কুম্বলে, কপিল দেৱ আৰু হৰভজন সিঙে।অৱশ্যে এটা বিশেষ দিশত অশ্বিন সকলোতকৈ আগবাঢ়ি আছে। তেওঁ টেষ্টত ৫০, ১০০,২০০,৩০০ আৰু ৪০০ উইকেট লাভ কৰা ভাৰতৰ দ্ৰুততম টেষ্ট বলাৰ।
তাৰোপৰি অশ্বিন বিশ্বৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ যিয়ে ৪০০ টেষ্ট উইকেটৰ লগতে টেষ্টত পাঁটোটাকৈ শতকো অর্জন কৰিছে। তেওঁৰ বাহিৰে এই কৃতিত্ব অর্জন কৰা ক্ৰিকেটাৰ হৈছে ভাৰতৰ কিম্বদন্তি অলৰাউণ্ডাৰ কপিল দেৱ।