Monday, October 3, 2022
HomeNews‘‘দ্য ফ্লায়িং শিখ’’ মিলখাৰ চমু জীৱন পৰিক্ৰমা

‘‘দ্য ফ্লায়িং শিখ’’ মিলখাৰ চমু জীৱন পৰিক্ৰমা

কমনৱেলথ গেমছৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণজয় কৰিছিল তেওঁ৷ স্বৰ্ণজয় কৰিছিল এছিয়ান গেমছত৷ ১৯৬০ ৰোম অলিম্পিক তেওঁৰ স্থান আছিল চতুৰ্থ৷ ‘‘দ্য ফ্লায়িং শিখ’’ দৌৰৰ বাবেই এই নামেৰে বিখ্যাত তেওঁ৷ কিন্তু আজি ৯১ বছৰত তেওঁৰ সেই দৌৰ স্তদ্ধ হৈ গ’ল৷ গুছি গ’ল উভতি নহা দেশলৈ৷

যোৱা ২০ মে’ত ক’ৰণা ভাইৰাচত আক্ৰান্ত হৈছিল মিলখা সিং৷ ক’ৰণাৰ বাবেই চলিত সপ্তাহৰ আৰম্ভণিতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল মিলখা সিঙৰ পত্নী তথা প্ৰখ্যাত ভলীবল খেলুৱৈ নিৰ্মলা কৌৰে৷ ক’ৰণা ভাইৰাচত আক্ৰান্ত হোৱাৰ বাবে যোৱা ২৪ মে’ত মোহালিৰ এখন চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল মিলখাক৷ ১৯৫৮ বৰ্ষত কমনৱেলথ গেমছতৰ চেম্পিয়ন মিলখা সিঙক সুস্থ হোৱাৰ বাবে যোৱা ৩০ মে’ত হাস্পাতালৰ পৰা ঘৰলৈ অনা হয়৷ যোৱা বৃহস্পতিবাৰেও হোৱা পৰীক্ষাত তেওঁৰ ক’ৰণা নিগেটিভ পোৱা যায়৷ কিন্তু শুকুৰবাৰে দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ বাবে তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ কিন্তু এইবাৰ চিকিৎসালয়ৰ পৰা উভতি আহিব নোৱাৰিলে ঘৰলৈ৷ পুত্ৰ জিভ মিলখাই আজি তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে৷

বৰ্তমানৰ পাকিস্তানী ভূখণ্ডৰ গোবিন্দপুৰাত জন্ম গ্ৰহণ কৰা মিলখা সিঙে প্ৰথম গৰাকী ভাৰতীয় এথলিট হিচাপে ১৯৫৮ ৰ কমনৱেলথ গেমছত স্বৰ্ণপদক জয় কৰিছিল৷ সেইবাৰ ৪০০ মিটাৰ দৌৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ মেলকম স্পেনছক পৰাস্ত কৰিছিল৷ ৪৬.৬ ছেকেণ্ডত তেওঁ শেষ কৰিছিল সেই স্বৰ্ণজয়ৰ দৌৰ৷

মিলখা সিঙে এছিয়ান গেমছত চাৰিটাকৈ স্বৰ্ণপদক জয় কৰিছে৷ ১৯৫৮ ত ২০০ আৰু ৪০০ মিটাৰ দৌৰত স্বৰ্ণজয় কৰিছিল তেওঁ৷ ১৯৬২ এছিয়ান গেমছত ৪০০ মিটাৰ আৰু চ্ছ্ৰx১০০ মিটাৰ ৰীলেত স্বৰ্ণপদক জয় কৰিছিল মিলখায়৷ তথাপিও ১৯৬০ ৰোম অলিম্পিকত চতুৰ্থ স্থান লাভ কৰাটো জীৱনৰ সৰ্বোচ্ছ সফলতা বুলি কৈছিল মিলখা সিঙে৷ পুত্ৰ জিভ মিলখা সিভ সুদক্ষ গলভ খেলুৱৈ৷ ১৪ টা আন্তৰ্জাতিক খিতাপ জয় কৰা জিভে পিতৃ মিলখা সিঙৰ দৰেই পদ্মশ্ৰী সন্মান লাভ কৰিছে৷ জিভৰ লগত মিলখা আৰু নিৰ্মলাৰ তিনি কন্যাৰ নাম ক্ৰমে মনা সিঙ, এলিজা গ্ৰ’ভাৰ আৰু ছোনিয়া ছনডউফাৰ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments