Tuesday, October 4, 2022
HomeNewsপ্ৰত্যাৱৰ্তনৰ বাবে উদগ্ৰীৱ হৈ থকা মীৰাবাই চানু অলিম্পিককলৈ আশাবাদী

প্ৰত্যাৱৰ্তনৰ বাবে উদগ্ৰীৱ হৈ থকা মীৰাবাই চানু অলিম্পিককলৈ আশাবাদী

অলিম্পিয়া বাৰ্তা

পুনৰ খেল পথাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে উদগ্ৰীৱ হৈ আছে ভাৰত্তোলক মীৰাবাই চানু। পুনৰ সক্ৰিয় অনুশীলনত ভাগ লৈ নিজকে অলিম্পিকলৈ সাজু কৰি তুলিবলৈ উন্মুখ হৈ আছে মণিপুৰৰ খেলুৱৈগৰাকী। বৰ্তমান পাটিয়ালাস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ কেন্দ্ৰত থকা মীৰাবাই চানুৰ লগতে দেশৰ আন আঠগৰাকীকৈ ভাৰত্তোলকৰ সৈতে সোমবাৰে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজুজুই ভিডিঅ’ কণফাৰেন্সৰ যোগেৰে কথাবাৰ্তাত মিলিত হয়।

“আমি ইয়াত সুৰক্ষিত হৈ আছোঁ। নিতৌ প্ৰাথমিক অনুশীলন চলাই আছোঁ যদিও মই পুনৰ সক্ৰিয় অনুশীলনৰ বাবে আশাৰে বাট চাই আছো যাতে টকিঅ অলিম্পিকৰ বাবে ভালকৈ সাজু হৈ উঠিব পাৰোঁ। ” মীৰাবাইয়ে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীজনক এইদৰে কয়।

অনুষ্ঠানটোত ক্ৰীড়ামন্ত্ৰীগৰাকীৰ লগতে অংশ লয় ভাৰত্তোলনৰ প্ৰশিক্ষক বিজয় শৰ্মা, ভাৰতীয় ভাৰত্তোলন সন্থাৰ অধ্যক্ষ সহদেৱ যাদৱ, ছাইৰ অধ্যক্ষ সন্দ্বীপ প্ৰধানৰ লগতে ক্ৰীড়া বিভাগৰ মুখ্য সচিব ৰবি মিট্টলে।

ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়ছোৱাত খেলুৱৈসকলৰ মনৰ অৱস্থাৰ বুজ লোৱাৰ লগতে কেনেদৰে পুনৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰি তাৰো পৰামৰ্শ গ্ৰহণ কৰে। উল্লেখযোগ্য যে দেশত যোৱা ২৫ মাৰ্চৰ পৰাই ক্ৰীড়াৰ সকলোবোৰ প্ৰশিক্ষণ কাৰ্যসূচী বন্ধ হৈ আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments