অলিম্পিয়া প্ৰতিবেদন
আগন্তুক অলিম্পিকত ভাৰতৰ এক অন্যতম পদক প্ৰত্যাশি ভাৰত্তোলক মীৰাবাই চানুই অৱশেষত লাভ কৰিলে উন্নত প্ৰশিক্ষণৰ বাবে বিদেশ যাত্ৰাৰ অনুমতি। সেই অনুসৰি মীৰাবাই চানুই ইউ এছৰ কেনছাছ চিটিত অনুশীলনৰ সুবিধা লাভ কৰিছে। তাৰ বাবে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ SAI ই ৪০ লাখ টকাৰ অৰ্থ সাহাৰ্য্য লাভ কৰিছে।
ছাইৰ ‘মিছন অলিম্পিক চেল'(MOC) আঁচনিৰ অন্তৰ্গত এই ধনৰাশি প্ৰতিভাৱান এথলিটগৰাকীলৈ আগবঢ়োৱা হৈছে। ছাইৰ এই অভিলাসী আঁচনিৰ জৰিয়তে আগন্তুক অলিম্পিকৰ বাবে প্ৰতিশ্ৰুতিসম্পন্ন এথলিটসকলক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।
উল্লেখযোগ্য যে মণিপুৰৰ জীয়ৰী মীৰাবাইয়ে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ লগতে বহুকেইবাৰ কমনৱেলথ গেছমতো পদক লাভ কৰিবলৈ সক্ষম হৈছে।।