অলিম্পিয়া প্ৰতিবেদন
শেহতীয়াকৈ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে যে সুস্থ হ’লেই ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মাই অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলত যোগ দিবগৈ। সদ্যহতে প্ৰকাশ পোৱা এটা বাতৰি অনুসৰি ক্ৰিকেটাৰ দুগৰাকীয়ে আঘাতৰ সমস্যাৰ পৰা এতিয়াও মুক্ত হৈ উঠা নাই। ফলত দুয়োগৰাকী ক্ৰিকেটাৰেই ভাৰতীয় দলত যোগ দিয়াৰ কোনো সম্ভাৱনা নাই।
বি চি চি আইয়ে ক্ৰিকেট অনুৰাগীৰ এনে জল্পনা কল্পনাৰ ওৰ পেলাই মন্তব্য কৰিছে যে ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মাৰ নামত সংবাদ মাধ্যমত বিভিন্ন ভুল বাতৰি প্ৰকাশ পাই আহিছে। প্ৰকৃততে আঘাতৰ সমস্যাৰ বাবে ৰোহিত আৰু ঈশান্তৰ নাম অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে বিবেচনাই কৰা হোৱা নাছিল।
বিৰাট কোহলিয়ে সন্তান সম্ভৱা পত্নী অনুস্কাৰ কাষত থিয় দিয়াৰ বাবে প্ৰথমখন টেষ্টৰ পিছতেই দেশলৈ ঘূৰি অহাৰ কথা। তেনে স্থলত ক্ৰিকেট মহলত চর্চা হৈছে বিৰাটৰ ঠাই পূৰাবলৈ হয়তো ৰোহিত শৰ্মা অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব পাৰে। কিন্তু বি চি চি আইয়ে স্পষ্টৰূপত মন্তব্য প্ৰকাশ কৰিছে যে বিৰাটৰ ঠাইত শ্ৰেয়াছ আয়াৰক দলত স্থান দিয়া হ’ব পাৰে।