Wednesday, October 5, 2022
HomeNewsমিছন-১০০ লৈ অ' এন জি চিৰ ক্ৰীড়া সামগ্ৰী,ছুপাৰ লীগত স্পনছৰশ্বিপ আগবঢ়াব অইল...

মিছন-১০০ লৈ অ’ এন জি চিৰ ক্ৰীড়া সামগ্ৰী,ছুপাৰ লীগত স্পনছৰশ্বিপ আগবঢ়াব অইল ইণ্ডিয়াই

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অসম ভলীবল মিছন-১০০ ৰ উদ্যোগত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰতে চলি আছে ভলীবলৰ অনুশীলন । দেশখনৰ ভিতৰতে অধিক ভলীবল খেলা ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰা, ভলীবল খেলৰ বহল আৰু সূদৃঢ় ভেটি নিৰ্মাণ কৰা, ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন দাঙি ধৰা ইত্যাদি অনেক উদ্যেশ্য আগত ৰাখি বিগত দুই বছৰ ধৰি অসম ভলীবল মিছন-১০০ এ ভলীবলৰ ওপৰত কাম কৰি থকা পৰিলক্ষিত হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগে দেশ খনৰ বিভিন্ন ৰাজ্যত সমাদৃত হৈ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । আনকি লীগখন অইন ৰাজ্যই আৰ্হি হিচাপে গ্ৰহণ কৰাটো অসমৰ বাবে এক গৌৰৱৰ বিষয় । এইবেলি যোৱা ৭ নৱেম্বৰ, ২০২১ তাৰিখৰ পৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দ্বিতীয় সংস্কৰণৰ খেলসমূহ অনুষ্ঠিত হৈ জিলা পৰ্যায়ৰ খেলসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল । ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ ১৬ আৰু ২১ বছৰ অনূৰ্দ্ধৰ (ল’ৰা-ছোৱালী) মুঠ ২০৯ টা দলে লীগখনত অংশগ্ৰহণ কৰি লীগখনক অন্যান্য মাত্ৰা প্ৰদান কৰিছে । যোৱা ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰী ২০২২লৈ ডিব্ৰুগড়ৰ টিংখঙত ছুপাৰ লীগৰ খেলসমূহ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম-নীতিৰ হেতু খেলসমূহ বন্ধ কৰিবলগীয়া হৈছে । ছুপাৰ লীগৰ বাবে স্পনচৰশ্বিপ আগবঢ়াব দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডে । অ এন জি চিয়ে অসমৰ ৯৩ টা ভলীবল চেণ্টাৰক ৯৩০ টা ভলীবল, ভলীবল নেট, প্ৰতিজন খেলুৱৈৰ বাবে ট্ৰেকছুট আৰু অন্য সামগ্ৰী দিয়াৰ বাবে আগবাঢ়ি আহিছে । ইতিমধ্যে চেণ্টাৰ সমূহক বল আৰু নেট প্ৰদান কৰা হৈছে । অন্য সামগ্ৰীসমূহ ছুপাৰ লীগৰ ফাইনেল খেলৰ আগত যোগান ধৰা হ’ব বুলি মিছন-১০০ৰ মুখ্য উদ্যোক্তা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই জনাইছে । অসমৰ ভলীবলৰ উত্তৰণৰ স্বাৰ্থত অ এন জি চি আৰু অইল ইণ্ডিয়া আগবাঢ়ি অহা কাৰ্যক ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীয়ে ভূয়সী প্ৰশংসা কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments