অলিম্পিয়া বিশেষ লেখা
১৯৯৯ চনৰ ২৬ জুন দিনটো আছিল ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক বিশেষ দিন। দুগৰাকীকৈ তৰুণ ক্ৰিকেটাৰৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল আজিৰ দিনটোতেই। এগৰাকী আছিল মিথালি ৰাজ আৰু আনগৰাকী আছিল ৰেচমা গান্ধী। মিথালিয়ে আয়াৰলেণ্ডৰ বিপক্ষে সেই অভিষেক মেচতেই শতক অৰ্জন কৰি এক উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিছিল।
১৯৯৯ তে অভিষেক ঘটা মিথালিয়ে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত দুটাকৈ দশক খেলিলে যদিও ১০ খনতকৈ অধিক টেষ্ট মেচত ভাগ লবলৈ নোপোৱাটো ভাৰতৰ বাবেই এক দুৰ্ভাগ্য বুলিব লাগিব। কিন্তু এদিনীয়া ক্ৰিকেটত ইটোৰ পিছত সিটো মাইলষ্ট’ন প্ৰতিষ্ঠা কৰি বিশ্বৰ ক্ৰিকেট ইতিহাসত সফলতাৰ নতুন বাট কাটি গ’ল মিথালিয়ে। চাওঁ আহকচোন মিথালিৰ নামত কি কি বিশেষ অভিলেখ আছে !
এদিনীয়াৰ সৰ্বাধিক ৰানৰ অভিলেখ মিথালিৰ নামত:
২০১৭ চনৰ আই চি চি ৱ’মেন ৱৰ্ল্ড কাপৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬৯ ৰান সংগ্ৰহ কৰাৰ লগতে এদিনীয়াত ৬০০০ ৰান সম্পূৰ্ণ কৰে। লগে লগে তেওঁ এদিনীয়া ক্ৰিকেটত ৬০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰে।
সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা একমাত্ৰ মহিলা ক্ৰিকেটাৰ:
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা বছৰৰ অক্টোবৰত দুটাকৈ দশক সম্পূৰ্ণ কৰা মিথালিৰ নামতে আছে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ। তেওঁ ২০০ ৰো অধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। মে’ৰ ২০২০ লৈকে ভাৰতীয় মহিলা ক্ৰিকেট দলে ২৭২ খনকৈ এদিনীয়া মেচত ভাগ লৈছে য’ত মিথালীয়ে ভাগ লৈছে ২০৯ খন মেচত।
অধিনায়ক হিচাবেও গঢ়িছে বিশেষ অভিলেখ
মিথালি ৰাজে ভাৰতীয় মহিলা ক্ৰিকেট দলক ১৩৬ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত নেতৃত্ব দিছে। ১০০ তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় মেচত নেতৃত্ব প্ৰদান কৰা মিথালি বিশ্বৰ তিনিগৰাকী মহিলা ক্ৰিকেটাৰৰ এগৰাকী। তেওঁৰ লগতে এই কৃতিত্ব অৰ্জন কৰিছে ইংলেণ্ডৰ চি এম এডৱাৰ্ড আৰু অষ্ট্ৰেলিয়াৰ বিলিণ্ডা ক্লাৰ্ক। এই তালিকাতো সৰ্বোচ্চ স্থানতেই আছে ভাৰতৰ মিথালি। অধিনায়ক হিচাবে সৰ্বাধিক ৰান সংগ্ৰহ কৰা তালিকাতো শীৰ্ষত আছে মিথালি। অধিনায়ক হিচাবে ১১৭ টা ইনিংছত তেওঁ সংগ্ৰহ কৰিছে ৪৪০২ ৰান।
শ্ৰেষ্ঠ বেটিং গড়ৰ তালিকাতো মিথালি:
শ্ৰেষ্ঠ বেটিং গড়ৰ তালিকাতো তৃতীয় স্থানত আছে মিথালিৰ নাম। মিথালিৰ গড় ৫০.৬২।
লক্ষ্য অতিক্ৰম কৰাৰ বাটত শ্ৰেষ্ঠ গড়
লক্ষ্য অতিক্ৰম কৰাৰ বাটত এগৰাকী সফল বেটছৱ’মেন মিথালি। লক্ষ্য অতিক্ৰম কৰাৰ বাটত খেলা ৫২ টা ইনিংছত ভাৰতৰ সফলতম ক্ৰিকেটাৰ গৰাকীয়ে সংগ্ৰহ কৰিছে ১০৭.১২ গড়ে ২০৩৬ ৰান।
এদিনীয়াত শতক অৰ্জন কৰা আটাইতকৈ কণিষ্ঠ খেলুৱৈগৰাকীও আছিল মিথালি। শতক অৰ্জনৰ সময়ত তেওঁৰ বয়স হৈছিল ১৬ বছৰ ২০৫ দিন। ঠিক সেইদৰে শতক অর্জন কৰা জ্যেষ্ঠ খেলুৱৈৰ তালিকাৰো পঞ্চম স্থানত আছে মিথালিৰ নাম।