অলিম্পিয়া প্রতিবেদন
অসমৰ ক্রীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বড়োক সম্বৰ্ধনা জ্ঞাপন। সম্বৰ্ধনা জ্ঞাপন কৰে অসম লন ব’লিং সন্থাকে ধৰি ৰাজ্যৰ বহুকেইটা ক্রীড়া সংগঠনে। সম্বৰ্ধনা গ্ৰহণ কৰি বড়োই ৰাজ্য চৰকাৰে শেহতীয়াকৈ ক্রীড়াবিদসকলৰ বাবে গ্ৰহণ কৰা আঁচনিক প্ৰশংসা কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ বড়োই অসম বিধানসভাত ক্রীড়া সম্পৰ্কীয় বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ ক্রীড়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ বাবে তেওঁক ধন্যবাদ জনায়। তেওঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত খেলুৱৈসকলৰ বাবে ৩/৪ শতাংশ সংৰক্ষণ গ্ৰহণ কৰাৰ বাবেও চৰকাৰৰ প্ৰতি আহ্বান জনায়।