অলিম্পিয়া প্ৰতিবেদন
ক্ৰিকেট এছ’চিয়েচন অৱ বেংগলে আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফী (টি-টুৱেন্টি)ৰ বাবে ঘোষণা কৰিছে ২২ জনীয়া দল। জানুৱাৰী ১০ ৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাৰ বাবে ঘোষিত ২২ জনীয়া দলটোত স্থান লাভ কৰিছে ভাৰতৰ বেগী বলাৰ মহম্মদ ছামিৰ ভ্ৰাতৃ মহম্মদ কাইফে।
অভিমুন্য ইছৱাৰণৰ নেতৃত্বাধীন বেংগল দলটোলৈ প্ৰত্যাৱৰ্তন ঘটিছে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে। এগৰাকী অলৰাউণ্ডাৰ হিচাবে মহম্মদ কাইফে ইয়াৰ আগতেও অনুর্ধ ২৩ বেংগল দলত স্থান লাভ কৰিছিল।
বেংগল দলৰ এগৰাকী নিৰ্ভৰযোগ্য ক্ৰিকেটাৰ মহম্মদ কাইফৰ অন্তৰ্ভূক্তিয়ে বেংগল দলটোক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। মুস্তাক আলী ট্ৰফীত বেংগল দলটোয়ে এলিট গ্রুপত স্থান লাভ কৰিছে য’ত হায়দৰাবাদ, ঝাৰখণ্ড, অসম, উৰিষ্যা, তামিলনাডুৰ মুখামুখি হ’ব দলটো।