Friday, September 30, 2022
HomeNewsতিনিবাৰকৈ আত্মহননৰ কথা ভাবিছিল ছামিয়ে, কিন্তু কিয়?

তিনিবাৰকৈ আত্মহননৰ কথা ভাবিছিল ছামিয়ে, কিন্তু কিয়?

আমি থকা এপাৰ্টমেণ্টটোৰ ২৪ সংখ্যক মহলাত আমি বাস কৰিছিলোঁ। মোৰ পৰিয়ালে মই বেলকনীৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাব পাৰো বুলিও শংকিত হৈ পৰিছিল।

অলিম্পিয়া বাৰ্তা

ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য বেগী বলাৰ মহম্মদ ছামিয়ে জীৱনত তিনিবাৰকৈ আত্মহননৰ কথা ভাবিছিল। মূলতঃ ব্যক্তিগত সমস্যা আৰু মানসিক চাপৰ বাবে এনেদৰে ভাবিবলৈ বাধ্য হৈছিল ছামি। সতীৰ্থ ৰোহিত শৰ্মাৰ সৈতে ইনষ্টাগ্ৰামৰ যোগেদি হোৱা কথাবার্তাত এই কথা স্বীকাৰ কৰে খোদ ক্ৰিকেটাৰজনে।

ছামিয়ে কয় যে ২০১৫ চনৰ বিশ্বকাপৰ সময়ত আঘাতজনিত সমস্যাৰ বাবে ১৮ মাহকৈ সময় খেলপথাৰৰ পৰা আঁতৰি থাকিব লগা হোৱা সময়খিনি তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল। ইয়াৰ পিছত ২০১৮ বৰ্ষটোও ছামিৰ বাবে সুখকৰ নাছিল। পত্নী হাছিল জাহানে ছামিৰ বিৰূদ্ধে ঘৰুৱা হিংসাৰ গোচৰেই নহয় বৰঞ্চ ক্ৰিকেটাৰজনৰ বিৰুদ্ধে বয়স ফাঁকি আৰু মেচ ফিক্সিঙৰো অভিযোগ আনিছিল।

পত্নী হাছিলৰ সৈতে ছামি

ইয়াৰ পিছতো বিপদে লগ এৰা নাছিল ছামিৰ। ২০১৮ বৰ্ষতে এটা পথ দুৰ্ঘটনাতো আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল ছামি।

” ২০১৫ বিশ্বকাপত যেতিয়া মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তাৰ পিছত ১৮ মাহ পৰ্যন্ত মই খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। সেইখিনি সময় মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল। তাৰ পিছত পৰিয়ালকেন্দ্ৰিক সমস্যা আৰু আই পি এল আৰম্ভ হোৱাৰ ঠিক ১০-১২ দিনৰ আগত হোৱা দুৰ্ঘটনাই পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছিল।” ছামিয়ে এইদৰে ৰোহিতক কয়।

” মোৰ সেই সময়ত কেৱল ক্ৰিকেটৰ কথাই মনলৈ আহিছিল। আমি থকা এপাৰ্টমেণ্টটোৰ ২৪ সংখ্যক মহলাত আমি বাস কৰিছিলোঁ। মোৰ পৰিয়ালে মই বেলকনীৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলাব পাৰো বুলিও শংকিত হৈ পৰিছিল। সেই সময়খিনিত মোৰ ভ্ৰাতৃয়ে মোক যথেষ্ট সহায় কৰিছিল। তাৰ লগতে মোৰ দুই-চাৰিজন বন্ধুৱেও গোটেই দিনটো মোৰ সৈতে থাকি সাহস যোগাইছিল সেই সময়ত। ” ছামিয়ে লগতে কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments