Wednesday, October 5, 2022
HomeNewsআই লীগ ২০১৯-২০: মোহনবাগান চেম্পিয়ন

আই লীগ ২০১৯-২০: মোহনবাগান চেম্পিয়ন

olympiasports.in

দেশজুৰি ঘোষিত লকডাউনৰ বাবে সকলো ক্ৰীড়ামূলক প্ৰতিযোগিতা বাতিল কৰাৰ মুহূৰ্ততে মোহনবাগানৰ সমৰ্থকসকলৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে এই লকডাউনেই। কৰ’না ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ বাবে আই লীগৰ ২৮ খনকৈ খেল বাতিল কৰা হয়। ইয়াৰ লগে লগে মোহনবাগানক এই বৰ্ষৰ আই লীগৰ চেম্পিয়ন বুলি ঘোষণা কৰা হৈছে।

ইতিমধ্যে বাকী খেলসমূহ অনুষ্ঠিত কৰা নহয় বুলি আই লীগৰ পেনেলে ভিডিঅ’ কণফাৰেন্সৰ যোগেৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যবাহী কমিটিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। মঙ্গলবাৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যবাহী কমিটিয়ে আই লীগৰ কমিটিৰ অনুমোদন আনুষ্ঠানিকভাৱে সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগেই পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা মোহনবাগান চেম্পিয়ন বুলি ঘোষিত হয়।

উল্লেখযোগ্য যে আই লীগ স্থগিত ৰখাৰ সময়ত চাৰি ৰাউণ্ডৰ খেল বাকী থকা অৱস্থাত ১৬ খন খেলত ৩৯ পইণ্ট লাভ কৰি তালিকাৰ শীৰ্ষত থাকে। ইফালে ৰানাৰ্ছ আপৰ বাবে যুজঁ হ’ব ইষ্ট বেংগল, মিনাৰ্ভা পঞ্জাৱ ( দুয়ো দলৰ ১৬ মেচত আছে ২৩ পইণ্টকৈ) আৰু ৰিয়েল কাশ্মীৰ (১৫ মেচত ২২ পইণ্ট) ৰ মাজত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments