Thursday, May 26, 2022
HomeNewsচাওক আপোনাৰ প্ৰিয় আই পি এল দলটোৰ সম্ভাব্য একাদশ!!

চাওক আপোনাৰ প্ৰিয় আই পি এল দলটোৰ সম্ভাব্য একাদশ!!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

১৯ ছেপ্টেম্বৰ। বিশ্বৰ অগণন ক্ৰিকেটপ্ৰেমীয়ে আগ্ৰহেৰে বাট চাই থকা এটা দিন। সেই বিশেষ দিনটোতে আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ। বিশ্বৰ ভিতৰতে সম্ভ্ৰান্ত ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ আৰম্ভ হ’ব সেই বিশেষ দিনটোতে। এইবাৰ আই পি এল অনুষ্ঠিত হ’ব ইউনাইটেড আৰব এমিৰাটছত। কৰ’না মহামাৰীৰ বাবেই ভাৰতৰ পৰিৱৰ্তে ইউ এ ইক নিৰ্বাচন কৰা হ’ল প্ৰতিযোগিতাখনৰ ভেন্যু হিচাবে। তিনিটা মাহত মুঠ ৬১ খন মেচ অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰতিটো দলেই নিজ নিজ ধৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে আৰবৰ পৰিৱেশ ভাৰততকৈ যথেষ্ট পৃথক। ভাৰতৰ তুলনাত যথেষ্ট গৰম, লগতে স্পীন বলিঙৰ ওপৰত ভৰসা কৰি আগবাঢ়িব লাগিব দলসমূহ। সেয়ে এইবাৰৰ প্রস্তুতিও কিছু পৃথক হ’ব। ৰণনীতিও হ’ব আগতকৈ পৃথক। এইবোৰ কথাৰ ওপৰত ভিত্তি কৰিয়েই দলসমূহে নিৰ্বাচিত কৰিব তেওঁলোকৰ মূল একাদশ। প্ৰতিটো দলৰ মূল একাদশ কেনে হ’ব পাৰে সেই বিষয়ে বিস্তৰভাৱে আলোচনা কৰিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা জনপ্ৰিয় ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাই। আকাশ চোপ্ৰাৰ অনুমানৰ ভিত্তিত অলিম্পিয়াৰ পাঠকৰ বাবেও আগবঢ়োৱা হ’ল আই পি এলৰ দলসমূহৰ সম্ভাব্য মূল একাদশ।

১) মুম্বাই ইণ্ডিয়ানছ: আই পি এলৰ বৰ্তমানৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে এটা শক্তিশালী দল গঠনৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখে। এইবাৰো এটা শক্তিশালী দল লৈ সাজু হৈছে দলটো। ট্রেন্ট ব’ল্ট, নাথান কাউল্টাৰ নাইল, ক্ৰিছ লিন আৰু শ্বেৰফেন ৰাডাৰফৰ্ডৰ দৰে ফৰ্মত থকা খেলুৱৈক বাচনি কৰি ইতিমধ্যেই এক শক্তিশালী ৰূপত আছে দলটো। লাচিথ মালিংগাই শেষ মুহূৰ্তত দলৰ পৰা নাম প্ৰত্যাহাৰ কৰিলেও তেওঁৰ ঠাইত জেমছ পেটিনচনক চুক্তিত অন্তৰ্ভুক্ত কৰি বিচক্ষণতাৰ পৰিচয় দিছে মুম্বাই ইণ্ডিয়ানছে।

সম্ভাব্য একাদশ: ৰোহিত শর্মা (অধিনায়ক), কুইন্টন ডি কক (উইকেটৰক্ষক), ইশান কিশান, সুর্যকুমাৰ যাদব, কাইৰন পোলার্ড, হার্দিক পান্ডিয়া, ক্রুনাল পান্ডিয়া, নাথান কাউল্টাৰ নাইল, জাযপ্রিত বুমৰাহ, ট্রেন্ট ব’ল্ট আৰু ৰাহুল চাহাৰ।

২)চেন্নাই ছুপাৰ কিংছ: আন কেইবাৰৰ দৰে এইবাৰো টুৰ্ণামেণ্টৰ এক শক্তিশালী দল চেন্নাই ছুপাৰ কিংছ দলটো অভিজ্ঞ খেলুৱৈৰে গঠিত। অৱশ্যে, টুৰ্ণামেণ্ট আৰম্ভ নহওঁতেই দলটোৰ দুজনকৈ অভিজ্ঞ খেলুৱৈ ক্ৰমে সুৰেশ ৰাইনা আৰু হৰভজন সিঙে দলৰ পৰা নাম প্ৰত্যাহাৰ কৰাত দলটো এতিয়া শ’ল ঠেকত পৰিছে। তথাপি মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কোচিত বিচক্ষণতাই দলটোক নিশ্চয়কৈ উদ্ধাৰ কৰিব এই বিপদৰ পৰা।

সম্ভাব্য একাদশ: শ্বেন ৱাটছন, মুৰুলি বিজয়, আম্বাতি ৰাইডু, মহেন্দ্র সিং ধোনি (অধিনায়ক ও উইকেটৰক্ষক), কেদাৰ যাদব, ৰবীন্দ্র জাদেজা, ডোয়েইন ব্রাভো,পিযুশ চাওলা, দীপক চাহাৰ, মিচেল স্যান্টনাৰ আৰু শ্বার্দুল ঠাকুৰ।

৩)ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু: অনেক তাৰকাৰ সমাহাৰেৰে আৰ চি বি টুৰ্ণামেণ্টখনৰ এটা অন্যতম শক্তিশালী দল। তথাপি দীৰ্ঘদিন ধৰি দলটোত সুদক্ষ ফিনিচাৰৰ অভাৱ। এইবাৰ সেই অভাৱ দূৰ কৰি দলটো আগুৱাব পাৰে নে নাই সেই কথা হ’ব লক্ষণীয়।

সম্ভাব্য একাদশ: অ্যাৰন ফিঞ্চ, পার্থিব পেটেল (উইকেটৰক্ষক), বিৰাট কোহলি (অধিনায়ক), মঈন আলি, শিবম ডুবে, ৱাশিংটন সুন্দৰ, ক্রিছ মৰিছ, য়ুজৱেন্দ্র চাহাল, নবদ্বীপ চাইনি আৰু উমেশ যাদব।


৪) কলকাতা নাইট ৰাইডাৰ্ছ: প্ৰথম কেইটামান চিজন বাদ দি প্ৰতিটো আই পি এলতে আন দলৰ বাবে প্ৰত্যাহ্বান হৈ থিয় দিয়ে বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ ফ্ৰেঞ্চাইজি কে কে আৰে। দলত সুনীল নাৰীন আৰু কুলদ্বীপ যাদৱৰ দৰে স্পীনাৰৰ উপস্থিতিয়ে দলটোক বেছ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।

সম্ভাব্য একাদশ: শুভমন গীল, সুনিল নাৰিন, নিতিশ ৰানা, দীনেশ কার্তিক (অধিনায়ক ও উইকেটৰক্ষক), ইয়ন মৰগান, আন্দ্রে ৰাছেল, ৰিংকু সিং, পেট কামিনছ, কুলদ্বীপ যাদব, প্রাচিদ কৃষ্ণা, শিভম মাৱি আৰু কমলেশ নাগৰক’টি।

৫)চানৰাইজাৰ্ছ হাইদৰাবাদ: আন বাৰৰ দৰে এইবাৰো তাৰকাখচিত টপ অৰ্ডাৰ )চানৰাইজাৰ্ছ হাইদৰাবাদৰ। আৰবৰ পৰিৱেশত কেন উলিয়ামছনে ল’ব পাৰে গুৰুত্বপূৰ্ণ ভূমিকা। ইপিনে জনী বেয়াৰষ্ট্ৰ’ আৰু ডেভিড ৱাৰ্নাৰৰ দৰে ক্ৰিকেটাৰৰ সৈতে শক্তিশালী হৈ পৰিছে দলটো।

সম্ভাব্য একাদশ: জনী বেয়াৰষ্ট্ৰ (উইকেটৰক্ষক), ডেভিড ৱার্নাৰ (অধিনায়ক), মনিশ পান্ডে, বিজয় শঙ্কৰ, বিৰাট সিং, প্রিয়ম গার্গ, মহম্মদ নবী, ৰছিদ খান, ভুবনেশ্বৰ কুমাৰ, খলিল আহমেদ আৰু সন্দ্বীপ শর্মা।

৬) দিল্লী কেপিটলেছ: আই পি এলৰ একমাত্ৰ দল যি কেৱল তিনিগৰাকী বিদেশী খেলুৱৈৰ অন্তর্ভূক্তিৰে গঠন কৰিব পাৰে মূল একাদশ। দলত অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন,অমিত মিশ্ৰৰ উপস্থিতিয়ে দলটোৰ বলিং আক্ৰমণ শক্তিশালী ৰূপত তুলি ধৰিছে। ভাৰতৰ যুৱ ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰৰ হাতত অৰ্পণ কৰা হৈছে অধিনায়কৰ দায়িত্ব। বেটিং আক্ৰমণত মুখ্য ভূমিকা লব শিখৰ ধাৱান, পৃথ্বী শ্ব, শ্ৰেয়ছ আয়াৰৰ লগতে বিদেশী খেলুৱৈ এলেক্স কেৰীয়ে।

সম্ভাব্য একাদশ: শিখৰ ধাৱান, পৃথ্বি শ্ব, শ্রেয়াছ আয়াৰ (অধিনায়ক), ঋসভ পন্ত (উইকেটৰক্ষক), চিমৰন হেটমায়াৰ, এলেক্স কেৰী, অক্ষৰ পেটেল, ৰবিচন্দ্রন অশ্বিন, সন্দ্বীপ লামিচানে, কাগিসো রাবাদা আৰু ইশান্ত শর্মা।

৭) কিংছ ইলেভেন পঞ্জাৱ: প্ৰতি বাৰেই অধিনায়ক সলনি কৰাৰ পৰম্পৰা এইবাৰো অব্যাহত ৰাখিছে দলটোৱে। এইবাৰ দলটোৰ অধিনায়ক লোকেশ ৰাহুল। প্ৰশিক্ষকৰ দায়িত্ব আছে অনিল কুম্বলেৰ হাতত। এইবাৰ চাবলগীয়া হ’ব দলটোৰ প্ৰদৰ্শন।

সম্ভাব্য একাদশ: লোকেশ ৰাহুল (অধিনায়ক ও উইকেটৰক্ষক), মায়ঙ্ক আগৰৱাল, চৰফৰাজ খান, নিকোলাছ পুৰান, গ্লেন মেক্সৱেল, দ্বীপক হুদা, ক্রিছ জর্ডান, কৃষ্ণাপ্পা গোথাম, মুজিব উৰ ৰহমান, ৰবি বিষ্ণুই আৰু মহম্মদ শ্বামি।

৮) ৰাজস্থান ৰয়েলছ: জজ বাটলাৰ, ষ্টিভেন স্মিথ,বেন ষ্ট’কছ, জ’ফ্ৰা আর্চাৰৰ দৰে তাৰকা খেলুৱৈৰ সমাহাৰেৰে এইবাৰৰ আই পি এলৰ অন্যতম শক্তিশালী প্ৰতিদ্বন্দী ৰাজস্থান ৰয়েলছ। অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ দৰে অলৰাউণ্ডাৰক কেনেকৈ ব্যৱহাৰ কৰে সেয়া লক্ষণীয় হ’ব।

সম্ভাব্য একাদশ: জছ বাটলাৰ (উইকেটৰক্ষক), য়শ্বছৱি জইছৱাল, সঞ্জু ছেমছন, ষ্টিভেন স্মিথ (অধিনায়ক), বেন ষ্ট’কছ, ৰবিন উথাপ্পা, ৰিয়ান পৰাগ, শ্রেয়াস গোপাল, জোফৰা আর্চাৰ, জয়দেৱ উনাদকাট আৰু অঙ্কিত ৰাজপুত

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments