Friday, September 30, 2022
HomeNews'Mother From Another Brother'

‘Mother From Another Brother’

পাকিস্তানৰ ক্ৰিকেটাৰ ওমৰ আকমলৰ দিন এইকেইদিন বৰ ভাল নহয়। ভাল নহয় মানে একেবাৰেই ভাল নহয়। প্ৰথমে মেচ ফিক্সিঙৰ বাবে নিলম্বিত হোৱাৰ পিছত এতিয়া চচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছে। কাৰণ ‘Mother From Another Brother’ ।

পাকিস্তানৰ ক্ৰিকেটাৰ সকলৰ প্ৰায় সংখ্যকৰে ইংৰাজী ভাষাৰ ওপৰত বিশেষ দখল নাই। প্ৰায়ে দেশখনৰ ক্ৰিকেটাৰসকল ইংৰাজী ভাষাৰ বাবেই সমস্যাৰ সন্মুখীন হৈ আহিছে। খেলপথাৰত, খেলপথাৰৰ বাহিৰত পাকিস্তানৰ ক্ৰিকেটাৰসকলে মনৰভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত এই ভাষাৰ বাবেই বহুসময়ত মৌন হৈ থাকিবলগীয়া হয়।

শেহতীয়াকৈ পাকিস্তানৰ সদ্য নিলম্বিত ক্ৰিকেটাৰ ওমৰ আকমলে মৰসাহ কৰি ইংৰাজী ভাষা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ এই কাৰ্যৰ বাবে সমালোচনাৰ হে সন্মুখীন হবলগীয়া হয়।

প্ৰকৃততে ওমৰ আকমলে পাকিস্তানৰে আন এজন ক্ৰিকেটাৰৰ লগত বিমানত ক’ৰবালৈ যোৱাৰ মুহূৰ্তত এখন চেল্ফি লৈছিল আৰু সেইখন টুইটাৰত আপলোদ কৰিছিল। ফটোখনত ওমৰ আকমলে লিখিলে ‘Mother From Another Brother’। ইয়াৰ লগে লগেই ওমৰ আকমলৰ এই টুইট ভাইৰেল হৈ পৰে। প্ৰকৃতে আকমলে যে Brother From Another Mother’ হে যে লিখিবলৈ বিচাৰিছিল সেইটো সকলোৱে বুজি পাইছে।

ওমৰ আকমলে পৰৱৰ্তী সময়ত অৱশ্যে এই ভুলৰ কথা গম পাই টুইটটো ডিলেট কৰিলে। কিন্তু তেতিয়ালৈকে ওমৰ আকমলৰ বহু দেৰি হৈ গৈছিল। কাৰণ টুইটাৰ ইউজাৰকাৰীসকলে আকমলৰ এই টুইট ভাইৰেল কৰি দিলে।

জনপ্ৰিয় চচিয়েল নেটৱৰ্কিং চিষ্টেম টুইটাৰত এতিয়া এনেদৰেই ট্ৰ’লৰ সন্মুখীন হৈছে ওমৰ আকমল।

https://twitter.com/thewolveriin/status/1230063764138950656?s=20
https://twitter.com/terikahkelunga/status/1230064343263268864?s=20
https://twitter.com/the_lucky420/status/1230089084758110208?s=20
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments