Tuesday, October 4, 2022
HomeNewsলাডাখৰ দুৰ্গম বৰফৰ নদীত ট্ৰেকিং কৰিব অসমৰ সাতগৰাকী পৰ্বতাৰোহীয়ে !

লাডাখৰ দুৰ্গম বৰফৰ নদীত ট্ৰেকিং কৰিব অসমৰ সাতগৰাকী পৰ্বতাৰোহীয়ে !

অলিম্পিয়া প্ৰতিবেদন

এক দু:সাহসিক ট্ৰেকিং কৰিবলৈ সাজু অসমৰ সাতগৰাকী সদস্য ।লাডাখৰ ঝানস্কাৰ নদীৰ বৰফত পৰিণত পানীৰ ওপৰেৰে ট্ৰেকিং কৰিব দলটোৱে ।

এখন নদী – যি নদী বাকী নদীৰ দৰেই হলেও অলপ পৃথক । কাৰণ শীতকালত বৰফেৰে আবৃত হৈ থাকে লাডাখৰ ঝানস্কাৰ নদীৰ ওপৰিভাগ, কিন্তু বৰফৰ তলত বৈ থাকে পানী ।এবাৰ ভাবক – কিমান ভয়াবহ এই ট্ৰেকিং ! সিন্ধু নদীৰ অৱবাহিকাত অৱস্থিত এই দুৰ্গম অঞ্চলত ট্ৰেকিং কৰিবলৈ বিভিন্ন ঠাইৰ পৰে আহে অভিযানকাৰী দল । বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহতে এই অভিযানৰ বাবে অনুমতি প্ৰদান কৰা হয় । পোনপ্ৰথমবাৰৰ বাবে দলগতভাবে অসমৰ পৰা ৭ জনীয়া এটা দল দেওবাৰে লাডাখৰ এই নদী অভিমুখে ৰাওনা হ’ল । অসম চৰকাৰৰ সহযোগত অসম পৰ্বতাৰোহন সন্থাই লাডাখত আয়োজন কৰিছে এই শীতকালীন ট্ৰেকিং অভিযান ।শনিবাৰে উলুবাৰীস্থিত সন্থাৰ মুখ্য কাৰ্যালয়ত এই অভিযানৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিলে অসম পৰ্বতাৰোহন সন্থাৰ সভাপতি কিশোৰ কুমাৰ বৰুৱাই । অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসাদ গৌতমকে ধৰি বহু জ্যেষ্ঠ পৰ্বতাৰোহী উপস্থিত থাকে । সন্থাৰ সভাপতি বৰুৱাই দলটোক জনালে শুভেচ্ছা ।

লগতে, শীতকালীন ট্ৰেকিং অভিযানৰ দলটো কিদৰে যাব, সমগ্ৰ পথৰ কথা উল্লেখ কৰিলে অসম পৰ্বতাৰোহন সন্থাৰ সম্পাদক তথা অধিবক্তা মানস বৰুৱাই ।

উল্লেখযোগ্য যে, এই সাতজনীয়া দলটোক নেতৃত্ব দিব ১৯৮৩ চনৰ পৰা পৰ্বতাৰোহনৰ লগত জড়িত ৬২ বছৰীয়া দুৰ্ধৰ্ষ পৰ্বতাৰোহী ৰতন বসুমতাৰীয়ে । এই অভিযানত অংশ লোৱা বাকী সদস্য সকল হ’ল– প্ৰাঞ্জল দত্ত, দিগন্ত
ডেকা, জিৎ গগৈ, পাপৰি কলিতা, ত্রিপৰ্ণা গৌতম আৰু অভিষেক চহৰীয়া । এই ৰোমাঞ্চকৰ অভিযানত অংশ ল’বলৈ পাই আনন্দিত জ্যেষ্ঠ পৰ্বতাৰোহী ৰতন বসুমতাৰী । কিদৰে এই অভিযান সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰস্তুতি চলাইছে উল্লেখ কৰিলে তেওঁ ।

৯ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই দুঃসাহসিক অভিযানৰ অসম দলটো ইতিমধ্যে সোমবাৰে লেহত পদাৰ্পণ কৰিছে । এই কঠিন শীতকালীন ট্ৰেকিং অভিযান সামৰি পুনৰ ২৮ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব দলটো ।

ক্ৰীড়া অনুৰাগীৰ আশা –অসম দলটোৱে দুঃসাহসিক পথ সফলতাৰে আৰোহণ কৰক । লাডাখৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই উপভোগ কৰাৰ লগতে ঝানস্কাৰ নদীৰ বৰফৰ বুকুত ট্ৰেকিঙত অসমে ৰোপন কৰক এক মাইলৰ খুঁটি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments