অলিম্পিয়া প্ৰতিবেদন
চেকুলয়ডত আবদ্ধ হ’ব হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জীৱন কাহিনী। ভাৰতীয় হকী সম্ৰাটগৰাকীৰ জীৱনভিত্তিক ছবি নিৰ্মাণৰ প্ৰস্তুতি চলিছে বলিউদত। ছবিখন পৰিচালনা কৰিব উড়তে পঞ্জাৱ, ছোনচেৰীয়া আদিৰ দৰে জনপ্ৰিয় ছবিৰ পৰিচালক অভিষেক চৌবেই। ছবিখনৰ প্ৰযোজনাত থাকিব ৰণী স্ক্ৰুৱালা। ছবিখনত কোনে ধ্যানচান্দৰ নাম ভূমিকাত অভিনয় কৰিব সেয়া এতিয়াও থিৰাং হোৱা নাই। সকলো ঠিকে থাকিলে ২০২২ চনত ছবিখনে মুক্তি লাভ কৰিব।
১৯২৮,১৯৩২ আৰু ১৯৩৬ চনৰ অলিম্পিকত ভাৰতৰ স্বৰ্ণ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ হকী খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰি ১৮৫ খন মেচত ভাগ লৈ ৫৮৬ টা গল কৰিবলৈ সক্ষম হৈছিল।