অলিম্পিয়া প্ৰতিবেদন
সফলতাৰে সামৰণি পৰিল গুৱাহাটীৰ অভিছ জিম পইণ্টৰ উদ্যোগত তথা অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ’চিয়েচনৰ সৌজন্যত অনুষ্ঠিত মিঃ ব্ৰহ্মপুত্ৰ ২০২১ প্ৰতিযোগিতাৰ। শুক্ৰবাৰে বামুনীগাঁৱত আয়োজিত সদৌ অসম মুকলি শৰীৰচর্চা প্ৰতিযোগিতাখনত মিঃ ব্ৰহ্মপুত্ৰৰ খিতাপ অর্জন কৰে অসম পুলিচৰ কৰ্মচাৰী নৱজিৎ দাসে।
প্ৰতিযোগিতাখনৰ সৈতে সংগতি ৰাখি মহিলাৰ শৰীৰচর্চাবিদসকলৰ মাজতো অনুষ্ঠিত হয় মিছ ডিমালী শীৰ্ষক শৰীৰচর্চা প্ৰতিযোগিতাখনৰ। মহিলাৰ এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অর্জন কৰে কামৰূপৰ গুড়িয়া খাতুনে।