অলিম্পিয়া প্ৰতিবেদন
মহানগৰীত “মিষ্টাৰ গুৱাহাটী ” প্ৰতিযোগিতা ।সহস্ৰাধিক শৰীৰ চৰ্চা খেলুৱৈৰ অংশগ্ৰহণ ।দৰ্শকৰ ব্যাপক সমাগম ।শনিবাৰে গুৱাহাটীৰ আৰ জি বৰুৱা কলাক্ষেত্ৰত “প্লেটিনাম ফিটনেছ চেন্টাৰ”ৰ উদ্যোগত নৱম সংখ্যক “মিষ্টাৰ গুৱাহাটী -২০২১” প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । বিভিন্ন শাখাত অংশ ল’লে কেইবাগৰাকীও খেলুৱৈয়ে ।
প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী, অসম বক্সিং তথা বি এফ আইৰ সম্পাদক হেমন্ত কুমাৰ কলিতা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰকে আদি কৰি শৰীৰচৰ্চা ক্ষেত্রখনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল ।উদ্বোধনী অনুষ্ঠানত সাৰুৱা মন্তব্য কৰিলে ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে ।
প্ৰতিযোগিসকলে প্ৰৰ্দশন কৰিলে নিজৰ শৰীৰ ।কেইবাগৰাকীও খেলুৱৈৰ মাজৰ পৰা “মিষ্টাৰ গুৱাহাটী -২০২১” ৰ খিতাপ অৰ্জন কৰিলে নয়েল কলিতাই ।
আনহাতে, “জুনিয়ৰ মিষ্টাৰ গুৱাহাটী ” মৃদুল ৰয় আৰু ” মাষ্টাৰ্ছ মিষ্টাৰ গুৱাহাটী “ৰ খিতাপ লাভ কৰে জয়ন্ত দাসে ।সেইদৰে, “স্পৰ্টছ ফিজিক” প্ৰজেশ দাস আৰু “এথলেটিকছ ফিজিক” ৰ সন্মান অৰ্জন কৰে বাবলু বাছফৰে ।
অন্যহাতে, “মিছ গুৱাহাটী “বিজয়ৰ মুকুট পিন্ধে অৰ্চনা ৰংপিয়ে । সেইদৰে ” ৱমেন স্পৰ্টছ ফিজিক ” লাভ কৰে বৰ্ণালী বসুমতাৰীয়ে । শ্ৰেষ্ঠ দলৰ গৌৰৱ অৰ্জন কৰিলে “জিম ষ্টাৰ চেন্টাৰে” ।.ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব এইসকল শৰীৰচৰ্চা খেলুৱৈৰ এই বিজয়ধাৰা অব্যাহত থাকক ।অনাগত দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক এইসকল শৰীৰ চৰ্চা খেলুৱৈ ।